জেভেলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰা অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত স্বৰ্ণ জয় কৰা স্বাধীন ভাৰতৰ প্ৰথম এথলীট হিচাপে পৰিগণিত হৈছিল। লগতে ভাৰতে টকিঅ' অলিম্পিকত পদক জয়ৰ ক্ষেত্ৰত এটা অভিলেখ গঢ়িলে। এতিয়ালৈকে টকিঅ' অলিম্পিকত ভাৰতে এটা স্বৰ্ণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জ জিকিছে। যিটো এটা ৰেকৰ্ড। ভাৰতে আগতে লণ্ডন অলিম্পিকত সৰ্বাধিক ৬ টা পদক জিকিছিল। কিন্তু এইবাৰ দেশখনে সেই অভিলেখ ভংগ কৰিলে। নীৰজ চোপ্ৰা, টকিঅ' অলিম্পিকত ভাৰতৰ পুৰুষ হকী দল, মীৰাবাই চানু, লাভলীনা বৰগোহাঁই, পি বি সিন্ধু, ৰবি দাহিয়া, বজৰং পুনিয়াই পদক অৰ্জন কৰে। নীৰজ চোপ্ৰাই ১০০ বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটাইছে। ২৩ বছৰীয়া জেভলিন থ্ৰ'ৱাৰগৰাকীয়ে ট্ৰেণ্ড এণ্ড ফিল্ড ইভেণ্টত স্বৰ্ণ জয় কৰি ইতিহাস লিখিবলৈ সক্ষম হয়।