বিশেষজ্ঞসকলে আশংকা কৰিছে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত চিএনজি, পিএনজিৰ দৰে পৰিয়ালত ব্যৱহৃত ইন্ধনৰ মূল্যও যথেষ্ট বৃদ্ধি পাব পাৰে৷ কেৱল সেয়াই নহয়, খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ'লে এলপিজি আৰু কেৰাচিনৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰাও প্ৰয়োজন হ'ব পাৰে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ'ব পাৰে৷