নতুন দিল্লী: যদি আপুনিও সস্তাত সোণ ক্ৰয় কৰাৰ প্লেন কৰিছে তেনেহ’লে আপোনাৰ ওচৰত আছে এটা ভাল সুযোগ। চৰকাৰী সৱৰেন গল্ড স্কীম (Sovereign Gold Bond) আকৌ এবাৰ বিনিয়োগকাৰীৰ কাৰণে মুকলি কৰা হৈছে। এই স্কীমত আজিৰে পৰা অৰ্থাৎ ১মাৰ্চৰ পৰা ৫মাৰ্চলৈ আপুনি বিনিয়োগ কৰিব পাৰিব। গ’ল্ড বণ্ডৰ কাৰণে এইবাৰ চৰকাৰে ইচ্যু প্ৰাইচ প্ৰতি গ্ৰামত ৪,৬৬২ টকা অৰ্থাৎ প্ৰতি দহ গ্ৰামত ৪৬,৬২০ টকা নিৰ্ধাৰণ কৰিছে।
ক’ৰ পৰা আপুনি কিনিব পাৰিব গ’ল্ড বণ্ড–সৱৰেন গ’ল্ড বণ্ড ক্ৰয় কৰিবলৈ আপোনাৰ ওচৰত পেন কাৰ্ড থকাটো জৰুৰী। বিনিয়োগকাৰীয়ে এই বণ্ড অনলাইনতো ক্ৰয় কৰিব পাৰে। ইয়াৰ বাহিৰে বেংক, ষ্টক হল্ডিং কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (এচএইচচিআইএল), নিৰ্বাচিত ডাকঘৰ আৰু এনএচই তথা বিএছইৰ দৰে ষ্টক একচেঞ্জত আপুনি এয়া ক্ৰয় কৰিব পাৰে।
কিমান ক্ৰয় কৰিব পাৰে গ’ল্ড?– সৱৰেন বণ্ড স্কীমত এটা বিত্তীয় বৰ্ষত এজন ব্যক্তিয়ে সৰ্বাধিক ৪০০ গ্ৰাম সোণৰ বণ্ড ক্ৰয় কৰিব পাৰে। সেইদৰে ন্যূনতম বিনিয়োগ এক গ্ৰামৰ হোৱাটো জৰুৰী। এই স্কীমত বিনিয়োগ কৰি আপুনি টেক্স ৰাহি কৰিব পাৰে। এই বণ্ড ট্ৰাষ্টী, HUF, ট্ৰাষ্ট, বিশ্ববিদ্যালয় আৰু ধৰ্মীয় সংস্থাক বিক্ৰী কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হ’ব।