যেতিয়া সৌৰভ গাংগুলীৰ নেতৃত্বত ধোনীয়ে কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া প্ৰথম কেইখনমান মেচত একেবাৰে নিৰাশজনক প্ৰদৰ্শন কৰিছিল ধোনীয়ে। কিন্তু তথাপিও ধোনীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা নাছিল গাংগুলীয়ে। আৰু গাংগুলীৰ সন্মান ৰাখি ধোনীয়ে পাকিস্তানৰ বিৰুদ্ধে সেই ছিৰিজতে ১৪৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।