কবি গুৰুৱে লিখি থৈ গৈছে ' প্ৰেম আহিছিল সংগোপনে' সঁচাই প্ৰেম কেতিয়া কাৰ জীৱনলৈ আহিব কোনোৱে ক'ব নোৱাৰে। ভাগ্যত থাকিলে প্ৰেম অমৰ হৈ থাকি যায়। কিন্তু হঠাত হোৱা প্ৰেমৰ ফল কতিয়াবা বেয়া হ'ব পাৰে। সেই বাবে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কিছুমান কথা জনাটো খুব জৰুৰী। এনে কিছুমান পুৰুষ আছে যাৰ পৰা নাৰীসকল আঁতৰি থকাই ভাল। প্ৰেমত পৰিলেও সেই সম্পৰ্কত আগবাঢ়িব পাৰি নে নোৱাৰি সেয়া এবাৰ হ'লেও চিন্তা কৰি চাব লাগে। জানোঁ আহক, কেনে ধৰণৰ পুৰুষৰ পৰা নিজকে বচাই চলিব লাগে।
১) অহংকাৰ এনে এটা বস্তু যি অতি সহজে কোনো এটা সম্পৰ্ক যতি পেলাব পাৰে। সচৰাচৰ দেখা খুব স্মাৰ্ট আৰু আত্মবিশ্বাসী মনৰ গৰাকী হ'লেও কিছু লোকে সকলো সময়তে নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিব বিচাৰে। এওঁলোকে কেতিয়াও নিজৰ ভুল দেখা নাপায়। নিজৰ ভুল ধৰা পৰিলে এওঁলোকে তৰ্ক-বিতৰ্ক কৰি হ'লেও বিষয়টো ওলোটাই দিয়ে, কাৰণ তেওঁ কেনেবাকৈ যদি হাৰে ইগো হাৰ্ট হোৱাৰ ভয় থাকে।
২) আন এটা ধৰণৰ হয় যি ভীষণ কেয়াৰিং স্বভাৱৰ হয়। কেয়াৰিং সংগী সকলোৱে ভাল পায়। কিন্তু সকলো কথাৰে এটা মাত্ৰা থকা দৰকাৰ। গোটেই দিনটো যদি কি খাইছে, কি কৰিছে, কেতিয়া শুই উঠিছে, কাৰ সৈতে আছে, ইত্যাদি কথাবোৰ সুধি মিনিটে মিনিটে ফোন কৰি থকাৰ অভ্যাস থাকে এওঁলোকৰ। প্ৰথমে প্ৰথমে এইবোৰ ভাল লাগিলেও দিন যোৱাৰ লগে লগে অতিষ্ঠ লাগিবলৈ ধৰে। এটা সময়ত এওঁলোক সাংঘাটিক ধৰণে পজেছিভ হৈ উঠে।
৩) অত্যধিক কেয়াৰিং স্বভাৱ বা পজেছিভনেছ যেনেকৈ অসহ্য হৈ পৰে তেনেকৈ বেছি গা এৰা স্বভাৱো কিন্তু উচিত নহয় সম্পৰ্কৰ ক্ষেত্ৰত। এই ধৰণৰ প্ৰেমিকে তেওঁলোকৰ ইচ্ছা মতেহে প্ৰেমিকাৰ সৈতে সময় কটাব তাকো নিজৰ সময় হ'লেহে। প্ৰেমিকা গৰাকীৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতি কেতিয়াও ভ্ৰূক্ষেপ নকৰে। অথচ প্ৰেমিকাৰ পৰা যদি মনোযোগ নেপাই তেন্তে খুব খং কৰি উঠে।