হিন্দু পুৰাণত শনি দেৱক ন্যায় বিচাৰৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। তেওঁ কোনো ব্যক্তিক তেওঁৰ ভাল বা বেয়া কামৰ ভিত্তিত আশীৰ্বাদ কৰে বা শাস্তি দিয়ে। তেওঁ সহজতে ক্ষমা নকৰে। শনিদেৱ তুষ্ট থাকিলে জীৱনত একোৰে অভাৱ নাথাকে! টকা, সফলতা, গাড়ী, ঘৰ, পাৰিবাৰিক শান্তি সকলো সম্ভৱ হয়। এক কথাত জীৱন পৰিপূৰ্ণতাৰে ভৰি পৰিব। শনিদেৱক তুষ্ট কৰিবলৈ এই চাৰিটা কাম কৰক –
আনৰ প্ৰতি দয়ালু হোৱাটো শনি দেৱক সন্তুষ্ট কৰাৰ অন্যতম উপায়। তেওঁ সহৃদয় লোকক আশীৰ্বাদ দিয়ে। যি ব্যক্তিয়ে আনক ঈৰ্ষা কৰে বা আনক আঘাত দি আনন্দ লয়, তেওঁ কেতিয়াও শনি দেৱৰ আশীৰ্বাদ নাপায়। গতিকে যদি আপুনি আনৰ লগত বেয়া ব্যৱহাৰ কৰে তেন্তে তেওঁ আপোনাক তাৰ বাবে শাস্তি দিব আৰু যদি আপুনি আনৰ ভাল কাম কৰে তেন্তে তেওঁ আপোনাক সদায় আশীৰ্বাদ দিব।