স্বামীৰ মৃত্যুৰ পিছত পত্নীৰ কৰুণ অৱস্থাৰ কথা আৰু নতুনকৈ কোৱাৰ কোনো অৱকাশ নাথাকে। গোটেই জীৱন বৈধব্য জীৱনৰ যান্ত্ৰণা আনহাতে সংসাৰৰ নানা দায়িত্ব, সকলো মিলি যেন এক চাপৰ পৰিৱেশ। এনে এক দুখজনক ঘটনা ঘটিছে ৰাজস্থানত। যিসময়ত পুত্ৰৰ মৃত্যুৰ পিছত মাক-দেউতাকে তেওঁলোকৰ বোৱাৰী আৰু নাতিকলৈ এক অনে সিদ্ধান্ত গ্ৰহণ কৰিছে- যি সঁচাকৈ আনৰ বাবে এক উদাহৰণ হৈ পৰিছে। ২০১৬ চনত সুনীতাৰ বয়স ২৭ বছৰ আছিল। ৰাজস্থানৰ শিকাৰ জিলাৰ ঢাঢক গাঁৱলৈ বোৱাৰী হৈ গৈছিল। প্ৰায় ৬ বছৰ পিছত সেই ঘৰৰ পৰাই সুনীতাৰ বিয়া হয়। সুনীতাৰ শহুৰ-শাহুৱে মাক-দেউতাকৰ দায়িত্ব পালন কৰি সুনীতাৰ দ্বিতীয় বিবাহ সম্পন্ন কৰে। বিবিচিৰ এক ৰিপৰ্ট অনুসৰি, বিয়াৰ পিছত শহুৰৰ ঘৰত সুনীতা অত্যন্ত সুখত আছিল। স্বামীৰ সৈতে অতি সুখেৰে জীৱন কটাইছিল। কিন্তু এই সুখ বেছি দিন নাথাকিল। বিয়াৰ মাত্ৰ কেইটামান মাহৰ পিছতে সুনীতাৰ স্বামী শুভমৰ হঠাৎ ব্ৰেইনষ্ট্ৰোক হয় আৰু মৃত্যুমুখত পৰে। সুনীতাৰ লগতে পুত্ৰশোকত ভাগি পৰে শুভমৰ পিতৃ-মাতৃও। আনকি নৱ-বিবাহিতা বোৱাৰী সুনীতাকলৈও চিন্তাত পৰে শহুৰ-শাহু। সিদ্ধান্ত, সুনীতাক তেওঁলোকে বিয়া দিব। কিন্তু তাৰ পূৰ্বে সুনীতাই যাতে নিজৰ ভৰিত থিয় হব পাৰে, তাৰ বাবে নতুনকৈ কলেজত নামভৰ্তি কৰি দিয়া হয়। ৫ বছৰ লিখা পঢ়াৰ অন্তত সুনীতাই এখন চৰকাৰী বিদ্যালয়ত শিক্ষকৰ চাকৰি লাভ কৰে। আৰু তাৰ পিছতে সুনীতাক বিয়া দিবলৈ উপযুক্ত দৰা বিচাৰে। আৰু অৱশেষত এজন ব্যক্তিৰ সৈতে সুনীতাৰ বিবাহ ঠিক কৰে। বিয়াখনত শুভমৰ ভায়েক ৰজতে সুনীতাৰ ভায়েকৰ ভুমিকা পালন কৰে। আৰু এই বিয়াখনে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। শাহু-শহুৰৰ এনে সিদ্ধান্তক চে্যুট জনাইছে সকলোৱে।