দৰাচলতে ২০১৫ চনত কেৱল অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ আৰম্ভ কৰা এই আঁচনিখন এতিয়া প্ৰসাৰিত কৰা হৈছে। এতিয়াৰে পৰা বেংক বা ডাকঘৰত একাউণ্ট থকা ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিখনত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে। আঁচনিখনৰ দ্বাৰা ৬০ বছৰৰ পিছত জমাকৰ্তাসকলে পেঞ্চন লাভ কৰা আৰম্ভ কৰিব।
আপুনি যিমান সোনকালে অটল পেঞ্চন যোজনাত যোগদান কৰিব, আপুনি সিমানেই অধিক লাভান্বিত হ'ব। যদি এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰি প্ৰতিমাহে ২১০টকাকৈ জমা কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৫,০০০ টকাৰ মাহিলী পেঞ্চনৰ লাভ কৰিব পাৰিব। অৰ্থাৎ এই আঁচনিখনত প্ৰতিদিনে ৭ টকা জমা কৰিয়েই আপুনি প্ৰতি মাহে ৫,০০০ টকাৰ পেঞ্চন লাভ কৰিব পাৰে।
এই আঁচনিৰ গ্ৰাহকৰ মৃত্যু হ'লে তেওঁৰ পত্নী মনোনীত সদস্য হৈ পৰে আৰু পত্নীয়ে আঁচনিখনৰ সকলো সুবিধা লাভ কৰিব। পত্নীয়েও গ্ৰাহকৰ দৰেই একেধৰণে পেঞ্চন লাভ কৰিব। ইপিনে পত্নী জীয়াই নাথাকিলে, গ্ৰাহকে নিযুক্ত কৰা মনোনীত ব্যক্তিয়ে ইয়াৰ বাবে নিৰ্ধাৰিত সুবিধা লাভ কৰিব অৰ্থাৎ মনোনীত ব্যক্তিগৰাকীয়ে এক নিৰ্দিষ্ট পেঞ্চন লাভ কৰিব।