দেশৰ সৰ্ববৃহত্ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে নিজৰ গ্ৰাহকক দিছে বিশেষ সুবিধা। বেংকৰ পৰা ঋণ ল’ব বিচৰাসকলক বিশেষ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকে। বেংকৰ ফালৰ পৰা কোৱা হৈছে যে, তেওঁলোকৰ ডিজিটেল প্লেটফৰ্ম YONOৰ জৰিয়তে যদি কোনো গ্ৰাহকে ঋণ ল’ব বিচাৰে, তেন্তে প্ৰছেচিং ফীৰ লগতে সুতৰ হাৰতো বিশেষ ৰেহাই দিব বেংকটোৱে। বেংকটোৱে YONOৰ জৰিয়তে গাড়ী, সোণ আৰু পাৰ্ছনেল লোনৰ বাবে আবেদন কৰা সকলো গ্ৰাহকক প্ৰচেছিং ফী এশ শতাংশই ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। SBIয়ে গ্ৰাহকৰ ক্ৰেডিট স্কোৰ আৰু ঋণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি সুতৰ হাৰত ১০ বেছিছ পইণ্টলৈকে বিশেষ ৰেহাই আগবঢ়াইছে। তদুপৰি, গ্ৰাহকে যদি YONOৰ জৰিয়তে গৃহ ঋণৰ বাবে আবেদন কৰে, তেনেহ’লে ঘৰ ক্ৰয় কৰিব খোজা গ্ৰাহকসকলে পাঁচ বেছিছ পইণ্ট সুত ৰেহাইৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।