ঋণ লোৱা সকলৰ বাবে সকাহ! দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক অব ইণ্ডিয়াই নিজৰ গ্ৰাহক সকলক সকাহ দি সুতৰ হাৰ হ্ৰাস কৰিছে। SBIৰ ফালৰ পৰা ১৪ ছেপ্তেম্বৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বেচ ৰেটৰ ওপৰত ০.০৫ শতাংশ সুতৰ হাৰ হ্ৰাস কৰিছে। ইয়াৰ ফলত নতুন সুতৰ হ্ৰাস হৈছেগৈ ৭.৪৫ শতাংশ। বেংকৰ ফালৰ পৰা জনোৱা হৈছে যে, লেণ্ডিং ৰেট হ্ৰাস কৰি ১২.২০ শতাংশ কৰিছে। নতুন সুতৰ হাৰ ১৫ ছেপ্তেম্বৰ ২০২১ৰ পৰা কাৰ্যকৰী হ'ব। সুতৰ হাৰ হ্ৰাস কৰাৰ ফলত সাধাৰণ মানুহৰ ওপৰত চাপ হ্ৰাস পাব। কমকৈ দিবলগীয়া হ'ব EMI। ইয়াৰ ফলত ষ্টেট বেংকৰ গ্ৰাহকৰ হোম লোন, অটো লোন, পাৰ্চনেল লোনসহ বাকী সকলো ধৰণৰ ঋণৰ বাবে কমকৈ সুত ভৰিব লাগিব। জুলাই ২০১০ৰ পৰা যি সকল গ্ৰাহকে হোমলোন লৈছে, সেই সকলো গ্ৰাহকৰ হোমলোন, বেচৰেটৰ সৈতে সংযুক্ত। কোটাক মহিন্দ্ৰা বেংকৰ হোম লোমৰ সুতৰ বাৰ হ্ৰাস পাইছে। হোম লোনৰ সুতৰ হাৰ ৬.৫০ শতাংশ হাৰত নতুন সুতৰ হাৰ ধাৰ্য কৰিছে। SBIৰ এই সিদ্ধন্তই সকাহ দিব সাধাৰণ মানুহক। জুন ২০২১ত ৰেট ০.২৫ হ্ৰাস কৰিছিল। একেবছৰতে SBIৰ এমসিএলআৰ ৰেট হ্ৰাস হৈছে ৭.০০ শতাংশ। ইয়াৰ পূৰ্বে এবছৰৰ বাবে সুতৰ হাৰ আছিল ৭.২৫ শতাংশ। ১০ জুন ২০২০ৰ পৰা কাৰ্যকৰী হৈছিল। বেছৰেট হ্ৰাস কৰিছিল বেংকে।