কৰ্মচাৰীৰ বাবে SBIৰ বিশেষ সুবিধা। বেংকৰ ফালৰ পৰা দিয়া হৈছে এক স্পেচিয়েল একাউণ্ট খোলাৰ সুবিধা। এই একাউণ্ট নিয়মিত বা ৰেগুলাৰ একাউণ্টতকৈ কোনো গুণে কম নহয়। এই একাউণ্টৰ সুযোগ-সুবিধা বহু কম মানুহে জানে। চেলাৰী একাউণ্টৰ বহু সুযোগ-সুবিধা লক্ষ্য কৰা যায়। SBIৰ Corporate Card, হাস্পতালৰ পৰা হোটেলসহ কৰ্মচাৰীক একেলগে বহু সুবিধা দিয়া হয়।চেলাৰী একাউণ্টৰ খোলাৰ পিছত এখাউণ্ট নম্বৰ দিব লাগিব। কৰ্পোৰেট ইণ্টাৰনেট বেংকিংৰ সহায়ত মালিক পক্ষই চেলাৰী একাউণ্টলৈ বেতন ট্ৰেন্সফাৰ কৰি দিয়ে।কৰ্মচাৰীৰ চেলাৰী একাউণ্ট দেশৰ যিকোনো প্ৰান্তত খুলিব পাৰি। SBI-ৰ চেলাৰী একাউণ্টৰ সুবিধাসমূহ হ'ল- জিৰো বেলেঞ্চৰ একাউণ্ট, ফ্ৰী আনলিমিটেড লেনদেন, বিনামূলীয়া এটিএম কাম ডেবিট কাৰ্ড, জইণ্ট একাউণ্ট হোল্ডাৰৰ বাবে এটিএম কাৰ্ড, বিনামূলীয়া মাল্টিচিটী চেক, লকাৰ চাৰ্জত ২৫ শতাংশ ৰেহাই, বিনামূলীয়া ড্ৰাফ্টৰ সুবিধা, এছ এম এছ এলাৰ্ট, অনলাইন এনইএফটি,, আৰটিজিএজ, দুমাহৰ চেলাৰীৰ উপৰিও অভাৰ ড্ৰাফ্টৰ সুবিধা।