;= বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে শনিদেৱে আঢ়ৈ বছৰৰ মূৰে মূৰে নিজৰ ৰাশি সলনি কৰে। কিন্তু নক্ষত্ৰ গ্ৰহৰ বিশেষ যোগৰ বাবে শনি গ্ৰহৰ এই আঢ়ৈবছৰীয়া সময়ছোৱাৰ আগতেই গোচৰ হয়। বৈদিক জ্যোতিষ বিজ্ঞানৰ মতে ২০২২ চনৰ ১২ জুলাইৰ পৰা শনিদেৱ মকৰ ৰাশিত এটা বিপৰীতমুখী অৱস্থানত অধিষ্ঠিত হৈ আছে। ২০২২ চনৰ ২৩ অক্টোবৰলৈকে এই অৱস্থানতে থাকিব শনিদেৱ।
মেষ ৰাশি – জ্যোতিষৰ মতে মেষ ৰাশিৰ লোকৰ বাবে মহাপুৰুষ যোগ অতি শুভ হ’ব। এই যোগৰ শুভ প্ৰভাৱৰ বাবে হঠাতে ধনৰ যোগান বৃদ্ধি হ’ব। এই যোগৰ ফলত কৰ্মক্ষেত্ৰত বৃহৎ সফলতা লাভৰ সম্ভাৱনা আছে ফলত ব্যৱসায়ীসকলে শ্রীবৃদ্ধি লাভ কৰাৰ লগতে চাকৰি বিচৰাসকলেও নতুন নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰিব। বৰ্তমানৰ চাকৰিটোত পদোন্নতিৰ আশাও আছে। এই মহান সময় অক্টোবৰ মাহলৈকে চলিব পাৰে।
মিথুন ৰাশি - শনিৰ দ্বাৰা সৃষ্টি কৰা মহাপুৰুষ যোগৰ প্ৰভাৱত মিথুন ৰাশি জাতক জাতিকা সকলৰ কেৰিয়াৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই ৰাশিত জন্মগ্ৰহণ কৰা ব্যৱসায় কৰি থকা লোকসকলেও শনি দেৱৰ বিশেষ আশীৰ্বাদত বহুত ভাল সময় পাৰ কৰিব। যিহেতু এই যোগ অক্টোবৰ মাহলৈকে চলি থাকে, সেয়ে এই সমগ্ৰ সময়ছোৱা ব্যৱসায়ত লাভজনক হ’ব পাৰে। ব্যৱসায়ে বিভিন্ন উৎসৰ পৰা অৰ্থনৈতিক লাভৰ সৃষ্টি কৰিব। বহিঃৰাজ্যত কাম কৰিও সুবিধা লাভ কৰিব পাৰিব। কৰ্মচাৰীৰ ক্ষেত্ৰতো নতুন চাকৰিৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে।
কন্যা ৰাশি - জ্যোতিষ বিজ্ঞান অনুসৰি শনিৰ এই ৰাজযোগে কন্যা ৰাশিতো ইয়াৰ শুভ প্ৰভাৱ দেখুৱাব সকলো ধৰণৰ কামত আপুনি সফলতা লাভ কৰিব। ৰৈ থকা কামবোৰ সমাধান হ’ব। ব্যৱসায়িক আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত উন্নত হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাতো সফলতা লাভৰ সম্ভাৱনা আছে। (Disclaimer: এই প্ৰতিবেদনত দিয়া বিধান News18 Assam NEৰ নিজৰ মত নহয়। এই বিষয়ে সঠিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।