1. RTGS ৰ সুবিধাৰ লাভঃ আজিৰে পৰা ফাণ্ড ট্ৰান্সফাৰৰ সৈতে জৰিত নিয়মৰ সালসলনি হৈছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) ৰিয়েল টাইম গ্ৰছ চেটেলমেণ্টক (RTGS) বছৰৰ প্ৰত্যেক দিনাই ২৪ ঘণ্টা উপলব্ধ কৰোৱাৰ ঘোষণা কৰিছিল। অৰ্থাৎ এতিয়া আপুনি RTGSৰ জৰিয়তে ২৪ঘণ্টাই টকা ট্ৰান্সফাৰ কৰিব পাৰিব। বৰ্তমান RTGS চিষ্টেমৰ জৰিয়তে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শণিবাৰৰ বাহিৰে সপ্তাহৰ প্ৰত্যেকটো কৰ্মদিনত পুৱা ৭বজাৰ পৰা সন্ধিয়া ৬বজালৈকে এই সুবিধা উপলব্ধ।
2.PNB ATMৰ পৰা টকা উলিওৱাৰ নিয়মৰ সালসলনিঃ ১ ডিচেম্বৰৰ পৰা PNB 2.0 (PNB, eOBC, eUNI) ৱান টাইম পাচৱৰ্ড (OTP) বেচড কেচ উইথড্ৰৱেল সুবিধা বলৱৎ কৰিবলৈ গৈ আছে। ১ ডিচেম্বৰৰ নিশা ৮বজাৰ পৰা পুৱা ৮বজালৈকে PNB 2.0 ATMৰ পৰা এবাৰত ১০০০০ টকা বা তাতোকৈ অধিক ধন উলিওৱাৰ কাৰণে OTP লাগিব। অৰ্থাৎ এই নাইট আৱাৰ্চত ১০০০০ টকা বা তাতোকৈ অধিক ধনৰাশি উলিয়াবলৈ PNB গ্ৰাহকক OTPৰ দৰকাৰ হ’ব। সেইকাৰণে টকা উলিয়াবলৈ হাতত ম’বাইলটো লৈ যাব।
4. ১ ডিচেম্বৰৰ পৰা চলিব কেবাখনো নতুন ট্ৰেইনঃ ভাৰতীয় ৰে’লৱেই ১ডিচেম্বৰৰ পৰা কেবাখনো নতুন ৰে’ল চলাবলৈ গৈ আছে। উল্লেখ্য যে, কোৰোণা সংকটৰ কাৰণে ৰে’লৱেই একেৰাহে কেইবাখনো নতুন স্পেচিয়েল ট্ৰেইন চলাই আছে। এতিয়া ১ডিচেম্বৰৰ পৰা কেইবাখনো নতুন ট্ৰেইন চলিব। ইয়াৰ ভিতৰত ঝেলাম এক্সপ্ৰেছ আৰু পঞ্জাৱ মেইলো আছে। দুয়োখন ট্ৰেইনক সাধাৰণ শ্ৰেণীৰ ভিতৰত চলোৱা হ’ব। 01077/78 পুণে–জম্মুতৱী, পুণে ঝেলাম স্পেচিয়েল আৰু 02137/38 মুম্বাই ফিৰোজপুৰ পঞ্জাৱ মেইল স্পেচিয়েল প্ৰতিদিন চলিব।