বিৰাট কোহলীয়ে টি-২০ দলৰ পৰা অধিনায়ক পদ ত্যাগৰ ঘোষণা কৰিছে। টি ২০ বিশ্বকাপৰ পিছত নতুন অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নাম চৰ্চালৈ আহিছে। কিন্তু ৰোহিত শৰ্মা অধিনায়ক হ'লে সহ অধিনায়ক কোন হ'ব? এইবাৰ আইপিএলত দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট। ইতিমধ্যে পণ্টে নিজৰ বিচক্ষণতাৰ পৰিচয় দিছে। যদি আই পি এলত নিজৰ সফলতা ধৰি ৰাখিব পাৰে, তেন্তে ঋষভ পণ্ট হ'ব পাৰে সহ অধিনায়ক। পঞ্জাৱ কিংছৰ অধিনায়ক কে এল ৰাহুল। ভাৰতীয় দলত দীৰ্ঘ সময় ধৰি তিনিওটা ফৰ্মেটতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই আহিছে ৰাহুলে। সহ অধিনায়ক পদৰ বাবে ৰাহুলো দাবীদাৰ। কে এল ৰাহুলৰ উপৰিও জছপ্ৰীত বুমৰাহো চৰ্চালৈ আহিছে। প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰৰ মতে, টিম ইণ্ডিয়াৰ ভৱিষ্যত ভাবিলে কে এল ৰাহুলক দায়িত্ব দিয়া উচিত। কিন্তু ৰোহিত শৰ্মাৰ ৰেকৰ্ড ইমানেই ভাল যে, এই মুহূৰ্তত ৰাহুলৰ হাতত অধিয়াকত্বৰ দায়িত্ব দিয়া যথেষ্ট টান।