সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ তদন্তভাৰ চিবিআইয়ে হাতত লোৱাৰ পিছতে ৰিয়া আৰু পৰিয়ালবৰ্গৰ বিৰুদ্ধে FIR দাখিল কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। এই FIR-ত নাম আছে ৰিয়া চক্রৱর্তী, ভাতৃ শৌভিক চক্রৱর্তী, পিতৃ ইন্দ্রজিত চক্রৱর্তী, মাতৃ সন্ধ্যা চক্রৱর্তীৰ লগতে চেমুৱেল মিৰাণ্ডা তথা শ্রুতি মোদীৰ। অপৰাধমূলক ষড়যন্ত্র, আত্মহত্যাত প্রৰোচনা, চুৰি, প্রতাৰণা-সহ আৰু বহুকেইটা অভিযোগ অনা হৈছে অভিযুক্তসকলৰ বিৰুদ্ধে।
ৰিয়াৰ মতে মুম্বাইত সুশান্তৰ মৃত্যু হৈছে৷ গতিকে মুম্বাই পুলিচেই তদন্ত কৰা উচিৎ৷ সেয়া নকৰি চিবিআই তথা বিহাক আৰক্ষীয়ে মিলি এই কেচ গ্ৰহণ কৰাটো অনৈতিক। মন্তব্য বিতৰ্কিত অভিনেত্ৰীৰ। উল্লেখ্য যে, এটা সময়ত তেওঁ তিনি নিজেই বিচাৰিছিল প্ৰেমিক সুশান্তৰ মৃত্যুৰ CBI তদন্ত৷ কিন্তু যেতিয়া CBI–এ তদন্তভাৰ গ্ৰহণ কৰিলে তেতিয়া দুৰ্ঘোৰ আপত্তি কৰিবলৈ লৈছে ৰিয়াই।
সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত সর্বোচ্ছ আদালতে, তিনি দিনৰ ভিতৰত মুম্বাই পুলিচৰ পৰা পৰিস্থিতিৰ বিস্তৃত ৰিপ’ৰ্ট বিচাৰিছে। সুশান্তৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীয়ে এটা পেটিশন দাখিল কৰিছিলে৷ নিজৰ আৱেদনত তেওঁ কৈছিল বিহাৰ পুলিচৰ তদন্ত মুম্বাই পুলিচৰ হাতলৈ ট্রান্সফাৰ কৰা হওক৷ ৰিয়াৰ আইনজীবী শ্যাম দিবানে বিহাৰৰ কেচটো মুম্বাইত ট্রান্সফাৰ কৰাবলৈ আৰ্জি কৰিছিল। তেওঁ নিজৰ আবেদনত কৈছিল মুম্বাই পুলিচে যিহেতু তদন্ত কৰি আছে সেয়ে তেওঁলোককেই সেয়া কৰিবলৈ দিয়া উচিত।