ৰিলায়েন্স জিঅ’ই দীপাৱলী অফাৰ দিছে গ্ৰাহকক। এই অফাৰত পূৰ্বৰ ১৫০০টকীয়া জিঅ’ ফোন ৬৯৯টকাতে লাভ কৰিব। ইয়াৰ কাৰণে কোনো পুৰণি ফোন সলনি কৰাৰো প্ৰয়োজন নাই। জিঅ’ ফোন ৬৯৯টকাত ক্ৰয় কৰাৰ সুবিধা মানে আপোনাৰ ৮০০টকাৰ সঞ্চয়। জিঅ’ ফোনটো এটা ফীচাৰ ফোন হয় আৰু ইয়াত গুগলৰ চাপৰ্ট আছে। আনহাতে হোৱাটছএপ কৰিব পৰাৰ সুবিধাও ইয়াত আছে। দীপাৱলী অফাৰৰ অধীনত কোম্পানীয়ে আপোনাক ৭০০টকাৰ ডাটাও প্ৰদান কৰিব। অৱশ্যে ইয়াৰ কাৰণে আপুনি ৰিচাৰ্জ কৰিব লাগিব। প্ৰথম সাতবাৰ ৰিচাৰ্জৰ পিছত কোম্পানীয়ে আপোনাৰ একাউণ্টত ৯৯টকাৰ ডাটা এড কৰি দিব। অৰ্থাৎ ৭০০টকাৰ ডাটা একেবাৰতে আপুনি নাপায়। ইয়াৰ কাৰণে আপুনি ৰিচাৰ্জ কৰিব লাগিব আৰু এনেকৈ সাতবাৰলৈ ৰিচাৰ্জ কৰিলে ৯৯টকাৰ ডাটা একাউণ্টত সোমাব। ৰিলায়েন্স জিঅ’ই জনোৱা মতে প্ৰতিজন জিঅ’ ফোন ক্ৰয় কৰোতাই এই অফাৰ লাভ কৰিব। ফোনত ৮০০টকা ৰেহাই আৰু ৭০০টকাৰ ডাটা বিনামূলীয়াকৈ অৰ্থাৎ মুঠ ১৫০০টকাৰ লাভ। ফিচাৰৰ ফালৰ পৰা জিঅ’ ফোনত QWERTY কিপেড আৰু ৰিয়েৰ কেমেৰা আছে। জিঅ’ ফোনৰ বেটেৰীটো ২০০০mahৰ আৰু ফোনটো KAI OSত পৰিচালিত হয়। ইয়াত ডুৱেল ক’ৰ প্ৰচেচৰ আছে। ফোনটোত ২.৪ ইঞ্চিৰ ডিচপ্লে আছে। ইয়াত ২ মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা আছে। আপুনি মাইক্ৰ’ এছডি কাৰ্ড লগাব পাৰে।