ৰণবীৰ-আলীয়াৰ বিয়াকলৈ এতিয়া সকলোতে চৰ্চা। দীৰ্ঘদিন ধৰি দুয়োৰে বিয়া হ’ব বুলি খবৰ ওলাই আছিল বলীউদৰ ভিতৰে বাহিৰে। কিন্তু এতিয়া আৰু লুক-ঢাক নহয়। আলীয়া-ৰণবীৰে এইবাৰ স্বীকাৰ কৰিলে দুয়োৰে প্ৰেমৰ কথা। একেলগে ঘূৰিছে, একেলগে থাকিছে, একেলগে বহু মধুৰ সময় কটাইছে দুয়ো। কিন্তু দুয়োৰে বিয়া? বিয়াৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে ৰণবীৰ কাপুৰে। এটা ইংৰাজী ৱেবচাইটত দিয়া সাক্ষাত্কাৰত ৰণবীৰে জনাই যে, ‘কোৰোণা নাহিলে হয়টো অহা বছৰ বিয়া পাতিম। এই কোৰোণাৰ বাবেই সকলো ভাঙি গ’ল। ৰণবীৰে জনাই যে, ‘মোৰ গাৰ্লফ্ৰেণ্ড আলীয়া আজৱ প্ৰকৃতিৰ। আলীয়াই কেতিয়াবা গীটাৰ শিকিছে, কেতিয়াবা স্ক্ৰীপ্ট ৰাইটিং শিকিছে। আকৌ এতিয়াবা হৰ্চ ৰাইডিং শিকিছে। একেবাৰে মনে মনে থকা ছোৱালী নহয় আলীয়া।’