পাঞ্জাৱ নেচনেল বেংকত একাউণ্ট থাকিলেই বিৰাট লাভ গ্ৰাহকৰ। বেংকৰ গ্ৰাহকে এই ডাঙৰ সুবিধা লাভ কৰিব বেংকৰ ফালৰ পৰা। যদি কোনো ব্যক্তিৰ পাঞ্জাৱ নেচনেল বেংকত জনধন একাউণ্ট আছে, সেই ব্যক্তিয়ে ২ লাখ টকাৰ বীমাৰ সুযোগ লাভ কৰিব। লগতে অন্য কিছু সুবিধাও গ্ৰাহকৰ বাবে বেংকে আগবঢ়াইছে। PNB Rupay Jandhan Card থকা সকলো গ্ৰাহকে ২ লাখ টকাৰ দুৰ্ঘটনাৰ বীমা লাভ কৰিব। গ্ৰাহকৰ বাবে আছে আন এক ডাঙৰ সুবিধা। গ্ৰাহকে বেচিক চেভিংচ একাউণ্টক জনধন একাউণ্টলৈ স্থানান্তৰ কৰিব পাৰে। যিসকল গ্ৰাহকৰ হাতত Jan Dhan Accouts আছে, তেওঁলোকে বেংকৰ ফালৰ পৰা RuPay PMJDY কাৰ্ড লাভ কৰিব। বীমাৰ টকা কিদৰে দাবী কৰিব পাৰে? এই আঁচনিৰ অন্তৰ্গত ব্যক্তিগত দুৰ্ঘটনা পলিচী যদি দুৰ্ঘটনা দেশৰ বাহিৰতো হয়, তথাপিও সুবিধা লাভ কৰিব। আদালতৰ নিৰ্দেশত মৃত ব্যক্তিৰ আইনী উত্তৰাধিকাৰীয়ে মৃত্যুৰ পিছত এই সকলো টকা লাভ সুবিধা গ্ৰহণ কৰিব পাৰিব।