যদি পোষ্ট অফিচত একাউণ্ট (Post Office Savings Account) আছে তেন্তে এই বিষয়টো জানি লোৱাটো প্ৰয়োজন। (প্ৰতীকী ফটো) ১ অক্টোবৰৰ পৰা এটিএম কাৰ্ডৰ ওপৰত লাগিব চাৰ্জ। পোষ্ট অফিচৰ এক নিৰ্দেশনাত জানিব পৰা গৈছে এই কথা। (প্ৰতীকী ফটো) মাহত এটিএমৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰত চাৰ্জ লাগিব পাৰে সেই সম্পৰ্কে জনাটো প্ৰয়োজনীয়। (প্ৰতীকী ফটো) ১ অক্টোবৰ অৰ্থাৎ আজিৰে পৰা বাৰ্ষিক এটিএম কাৰ্ডৰ ১২৫ টকা+GST দিব লাগিব। এই চাৰ্জ ১ অক্টোবৰ ২০২১ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২২ পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব। (প্ৰতীকী ফটো) SMS এলাৰ্টৰ বাবে দিব লাগিব চাৰ্জ, পোষ্ট অফিচৰ গ্ৰাহকসকলে এছএমএছ এলাৰ্ডৰ বাবে দিব লাগিব ১২ টকাৰ লগতে জিএছটি চাৰ্জ। (প্ৰতীকী ফটো) কোনো গ্ৰাহকৰ এটিএম হেৰাই গ’লে এইবাৰৰ পৰা পৰিৱৰ্তিত কাৰ্ডৰ বাবে দিব লাগিব ৩০০ টকাৰ লগতে জিএছটি, এটিএমৰ পিন পাহৰি গ’লে নতুন পিন জেনেৰেট কৰিবলৈ গ’লে ৫০ টকাৰ লগতে জিএছটি দিব লাগিব গ্ৰাহকে। (প্ৰতীকী ফটো) এতিয়াৰে পৰা পোষ্ট অফিচৰ গ্ৰাহকসকলে কম বেলেঞ্চ থকাৰ বাবে যদি এটিএম বা অ’পিএছ ট্ৰানজেকশ্যন অমান্য কৰা হয়, তেনে ক্ষেত্ৰত গ্ৰাহকে ভৰিব লাগিব ২০ টকাৰ লগতে জিএছটি। (প্ৰতীকী ফটো) বিনামূলীয়া লেনদেনৰ সংখ্যাও হ্ৰাস কৰা হৈছে। নতুন নিয়ম অনুসৰি বেছিক ছেভিংছ একাউণ্টৰ ক্ষেত্ৰত মাহত ৫বাৰ লেনদেন কৰিলে কোনো চাৰ্জ ভৰিব নালাগে। তাৰ পিছৰে পৰা প্ৰতিটো লেনদেনত ১০ টকা আৰু লগতে জিএছটি দিব লাগিব। (প্ৰতীকী ফটো)