হিন্দু ধৰ্মক পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম হিচাপে গণ্য কৰা হয়। পৃথিৱীৰ বহুতো মানুহে ইয়াৰ ধাৰণা আৰু ভেঁটিৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে। বিশ্বজুৰি ব্যাপ্ত ইয়াৰ শান্তি আৰু অহিংসাৰ দৰে বিশেষ গুণ গ্ৰহণ কৰা লোকৰ সংখ্যা লাখত আছে। এনে বহুতো আছে যি এই ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হয় আৰু দীক্ষা লয়। প্ৰতি বছৰে হিন্দু ধৰ্ম লৈ ধৰ্মান্তৰিত হোৱা সকলৰ ভিতৰত বহুতো চেলিব্ৰিটিও আছে। আমি আপোনাক এনেকুৱা কিছুমান বিশেষ লোকৰ বিষয়ে জনাম।
নয়নতৰা দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। তেওঁ এটা খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কিন্তু ২০১৭ চনত হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হয়। ইয়াৰ বাবে তেওঁ চেন্নাইৰ আৰ্য সমাজ মন্দিৰত দীক্ষা গ্ৰহণ কৰে। অভিনেতা তথা ডিএমকেৰ প্ৰাক্তন নেতা ৰাধা ৰবিয়ে তেওঁক লৈ কৰা মহিলা বিৰোধী মন্তব্যৰ বাবে নয়নতৰা পুনৰ বাতৰিলৈ আহিছে। অৱশ্যে, ডিএমকেয়ে তেতিয়াই ৰাধা ৰবিক দলৰ পৰা নিলম্বন কৰিছে।
জুলিয়া ৰবাৰ্টছ হৈছে হলিউডৰ তাৰকা অভিনেত্ৰী। আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা বিখ্যাত অভিনেত্ৰীগৰাকীয়ে নটিং হিল, মাই বেষ্ট ফ্ৰেণ্ডছ ৱেডিং আৰু ইট, প্ৰি, লাভৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ হিন্দু ধৰ্মৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল আৰু 2010 চনত ইট, প্ৰি, লাভৰ ভাৰতত শ্বুটিং কৰাৰ সময়ত হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। তেতিয়াৰ পৰা তেওঁ বিভিন্ন সময়ত নিজকে হিন্দু বুলি পৰিচয় দিছে।
কেআৰএছ-ৱানৰ প্ৰকৃত নাম হৈছে লৰেন্স কৃষ্ণ পাৰ্কাৰ। তেওঁ আমেৰিকাৰ এজন বিখ্যাত ৰেপ গায়ক। তেওঁৰ নামটোৱে কয় যে, তেওঁ হিন্দু ভগৱান কৃষ্ণৰ দ্বাৰা প্ৰভাৱিত। তেওঁ তেওঁৰ দ্য গস্পেল অৱ হিপ-হপ নামৰ কিতাপখনত তেওঁৰ ধৰ্মীয় বিশ্বাসৰ কথাও উল্লেখ কৰিছে। তেওঁ নিজৰ আমেৰিকান ৰেপাৰ গ্ৰুপ বুগি ডাউন প্ৰডাকচনৰ জৰিয়তে বিখ্যাত হৈ পৰিছিল।
জেৰি গাৰ্চিয়া নিজৰ গ্ৰেটফুল ডেড নামৰ বেণ্ডৰ জৰিয়তে বিখ্যাত হৈছিল। তেওঁ এগৰাকী আমেৰিকান সংগীতজ্ঞ আছিল আৰু ত্ৰিশ বছৰলৈকে বেণ্ডৰ লিড গিটাৰিষ্ট হিচাপে জৰিত হৈ আছিল। শৈশৱৰ পৰাই তেওঁ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট আছিল আৰু তেওঁ সেই ধৰ্ম পালন কৰে। ১৯৯৫চনত তেওঁৰ মৃত্যুৰ পিচত তেওঁৰ অস্থি ভাৰতৰ ঋষিকেশত গংগা নদীত বিসৰ্জন দিয়া হয়।
এলিজাবেথ গিলবাৰ্ট ২০০৬ চনত নিজৰ আত্মজীৱনী ‘ইট, প্ৰে, লাভ’ৰ জৰিয়তে চৰ্চিত হয়। তেওঁ এনে এগৰাকী লেখিকা আছিল যাৰ এইখন কিতাপ ১৯৯ সপ্তাহলৈ নিউয়ৰ্ক টাইমছ বাতৰিকাকতৰ বেষ্ট চেলাৰৰ তালিকাত আছিল। এলিজাবেথে নিজৰ সকলোতকৈ বিখ্যাত কিতাপখন লিখাৰ প্ৰেৰণা ল’বলৈ ভাৰতলৈ আহিছিল আৰু তেওঁ তেতিয়াই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
সংগীতপ্ৰেমীসকলে জৰ্জ হেৰিচনৰ নাম নিশ্চয় শুনিছে। তেওঁ বিটলছ বেণ্ডৰ মুখ্য গীটাৰিষ্ট আছিল। বিটলছৰ দৰ্শক আৰু অনুৰাগী গোটেই বিশ্বত ব্যাপ্ত। হেৰিচন হৈছে ৰক সংগীতৰ জগতৰ অন্যতম ধ্ৰুৱ তৰা। ১৯৬০ চনত হেৰিচনে খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে। ২০০১ত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত তেওঁৰ অস্থি গংগা আৰু যমুনাৰ পৱিত্ৰ পানীত বিসৰ্জন দিয়া হৈছিল।
ৰাচেল ব্ৰেণ্ড ইংৰাজী জগতত নিজৰ কমেডিক লৈ যথেষ্ট জনপ্ৰিয়। তেওঁ এজন জনপ্ৰিয় টিভি প্ৰডিউচাৰ, লেখক আৰু স্ক্ৰীন ৰাইটাৰ। মানুহে তেওঁক প্ৰসিদ্ধ চিনেমা 'ফৰগেটিং চাৰা মাৰ্চেল'ৰ কাৰণে মনত ৰাখিছে। ৰাচেল ব্ৰেণ্ডে হিন্দু ধৰ্মৰ বিষয়ে ব্যাখ্যাও কৰিছে আৰু ইয়াৰ একান্ত সমৰ্থক। তেওঁৰ হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষণ আপুনি বুজিব পাৰে যেতিয়া ২০১০ চনত কেটি পেৰিৰ সৈতে বিয়া কৰাবলৈ তেওঁ ৰাজস্থানলৈ আহিছিল তেতিয়া হিন্দু নীতি–নিয়মেৰে তেওঁলোকৰ বিয়া হয়।
কাল পেনৰ জন্ম আমেৰিকাত এটা হিন্দু পৰিয়ালত হয়। তেওঁ হাউচ নামৰ এখন আমেৰিকান টিভি চিৰিয়েলৰ কাৰণে প্ৰসিদ্ধ হয়। কাল পেনৰ জন্ম আমেৰিকাত এটা হিন্দু পৰিয়ালত হয়। তেওঁ 'হেৰল্ড এণ্ড কুমাৰ গ’ টু হোৱাইট কেচেল’, ‘চুপাৰমেন ৰিটাৰ্নছ’ আৰু ‘দ্য নেমচেক’ৰ দৰে ছবিতো অভিনয় কৰিছে। তেওঁ আমেৰিকা চৰকাৰৰ এজন চিভিল চাৰ্ভেণ্ট হিচাপেও কাম কৰিছে আৰু হিন্দু ধৰ্মৰ একনিষ্ঠ সমৰ্থক।
পাকিস্তানী মূলৰ ব্ৰিটিশ লেখক আনৱাৰ শ্বেখ যুৱকালত গোড়া মুছলমান আছিল আৰু দেশ বিভাজনৰ সময়ত তেওঁ অনা–মুছলিমৰ হত্যাও কৰিছিল। ইয়াৰ পিচতে তেওঁ অনুতাপ কৰে আৰু ধৰ্ম গ্ৰন্থৰ অধ্যয়ন কৰা আৰম্ভ কৰে। হিন্দু ধৰ্মত নিজৰ নৈতিক প্ৰশ্নৰ সঠিক উত্তৰ লাভ কৰি তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰে। হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁ নাম লৈছিল অনিৰুদ্ধ জ্ঞানশিখ।
<strong>M.I.A:</strong> এই ইংৰাজ শিল্পীগৰাকী শ্ৰীলংকাৰ মূলৰ। তেওঁ এজন চিত্ৰশিল্পী, পৰিচালক আৰু গীতিকাৰ। হিপহপ, নৃত্য আৰু ইলেক্ট্ৰনিক সংগীত তেওঁলোকৰ গানৰ উপজীব্য। চলচ্চিত্ৰ নিৰ্মাণ আৰু ডিজাইনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ বিখ্যাত 'চুপাৰ বল মিডল ফিংগাৰ' এক্ট দেৱী মাতংগীক দিয়া শ্ৰদ্ধাঞ্জলি আছিল। মাতংগী এগৰাকী হিন্দু দেৱী।
মাইলি চাইৰাছঃ মাইলি নিজৰ সংগীতৰ লগতে ড্ৰেছিং চেঞ্চৰ বাবে বাতৰিত থাকে। কেইবছৰমান পূৰ্বে বাতৰি ওলাইছিল যে তেওঁ ঘৰত লক্ষ্মী পূজা কৰিছিল আৰু ইয়াৰ এখন ফটো নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰিছিল। অৱশ্যে পিছত এই ফটোখন ডিলিট কৰা হৈছিল। চৰ্চা চলিছিল যে কেৰিয়াৰত সমৃদ্ধিৰ বাবে তেওঁ লক্ষ্মীপূজা কৰিছিল। অৱশ্যে, এইটো নিশ্চিত কৰিব নোৱাৰি যে তেওঁ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে।
অৱশ্যে, হিন্দু ধৰ্মত আনুষ্ঠানিক ধৰ্মান্তৰৰ ব্যৱস্থা নাই। এনে প্ৰেক্ষাপটত আকবৰ, কবীৰ আৰু ৰসখানৰ দৰে ব্যক্তিত্বই হিন্দু বিশ্বাস স্বীকাৰ কৰাৰ পিছতো নিজকে হিন্দু ধৰ্ম বা ইয়াৰ অন্তৰ্গত কোনো সমূদায়ৰ অনুগামী বুলি ঘোষণা কৰা নাছিল। একেদৰে মুছলমান হোৱাৰ পিছতো হিন্দু ধৰ্মলৈ উভতি অহা বিজয়নগৰৰ ৰজা হৰিহৰ আৰু বুক্কা আৰু শিৱাজীৰ বন্ধু নেতাজী পালেকাৰৰো নাম এই দিশত ল দিব পাৰি।