ডালিম খায় নে? ডালিমৰ ৰসে কোৰোণাৰ ক্ষেত্ৰত চমৎকাৰ ফল দিয়ে, ডালিমৰ কোনটো অংশ উপকাৰী জানক নতুন গৱেষণাৰ তথ্য
কেৱল ইমানেই নহয়, ডালিমৰ ৰসে ইনফ্লুৱেঞ্জা ভাইৰাছ, পক্স ভাইৰাছ তথা হিউমেন ইমিউনিডেফিচিয়েন্সি ভাইৰাছৰ সৈতে যুঁজিবলৈ সক্ষম। সেই লক্ষ্যৰে ৰেলজা তথা তেওঁৰ দলে ক’ভিড ১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ উপযোগিতা সন্দৰ্ভত গৱেষণা কৰিছিল। এই গৱেষণাৰ ইতিবাচক ফলাফলে উৎফুল্লিত কৰিছে দলটোক।


এফালে বিশ্বৰ ভিন্ন প্ৰান্তত ক’ভিড ১৯ ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰৰ কাৰণে বিজ্ঞানী তথা গৱেষকসকলে আপ্ৰাণ চেষ্টা কৰিছে। বিভিন্ন ভেকচিনৰ ট্ৰায়েলো চলিছে। তাৰ মাজতে এনে সমীক্ষা তথা সিদ্ধান্তৰ দাবীয়ে অবাক কৰাটো স্বাভাৱিক! কিন্তু ক’ভিড ১৯ ভাইৰাছৰ প্রতিৰোধী যি ভেকচিন আছে তাত নিৰ্দিষ্ট কিছু উপাদান ব্যৱহাৰ কৰা হৈছে সেয়াও মনত ৰাখিব লাগিব! এইক্ষেত্ৰত সকলো বিজ্ঞানীয়ে ভেষজ উপাদানক লৈ কাম কৰা আৰম্ভ কৰিছে। তাৰে যেন প্ৰতিনিধিত্ব কৰিছে বানজা লুকা, বচনিয়া তথা হার্জেগোভনিয়াৰ ফেকাল্টি অৱ মেডিচিনৰ এই গৱেষণাই।


এই গৱেষণাৰ সমীক্ষাপত্রত শেহতীয়াকৈ প্ৰকাশ পাইছে যে মলিকিউলাৰ এণ্ড চ্যেলুলাৰ বায়’কেমিষ্ট্ৰী জাৰ্নালত। এই প্ৰসংগত কি কয় গৱেষণা-দল তথা সমীক্ষাপত্রৰ প্রধান ৰেলজা সুৰুচিয়ে? ক’ভিড ১৯ ভাইৰাছ শৰীৰত প্ৰৱেশৰ পিছত ৰক্তনলীক ফুলাই পেলায় ফলত ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।


লগতে শৰীৰৰ ভিতৰত ইমিউন প্রোটিন তৈয়াৰ হোৱাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হয়। কমি যায় লোহিত ৰক্তকণিকাৰ বৃদ্ধি। এই দিশলৈ চাই ৰেলজা তথা তেওঁৰ টীমৰ দাবী–ডালিমৰ ৰসে এই সমস্যা প্ৰতিৰোধ কৰিব পাৰে। ডালিম প্ৰাকৃতিকভাৱে এণ্টিইনফ্লেমেটৰী লগতে এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। ফলত ব্লাড চুগাৰ তথা কলেষ্টৰেল নিয়ন্ত্ৰণত থাকে।


ৰেলজাৰ মতে, ডালিমৰ এই প্রাকৃতিক উপাদান, বিশেষকৈ তাৰ ৰসত পিউনিক্যালাজিন আৰু পিউনিক্যালিন নামৰ দুই প্ৰকাৰৰ যৌগ থাকে। সমীক্ষা মতে, এই দুই যৌগে শৰীৰৰ ভিতৰত ৰোগ প্ৰতিৰোধী প্ৰটিন তৈয়াৰ কৰিব পাৰে। গতিকে উপকাৰিতা বহুত।


কেৱল ইমানেই নহয়, ডালিমৰ ৰসে ইনফ্লুৱেঞ্জা ভাইৰাছ, পক্স ভাইৰাছ তথা হিউমেন ইমিউনিডেফিচিয়েন্সি ভাইৰাছৰ সৈতে যুঁজিবলৈ সক্ষম। সেই লক্ষ্যৰে ৰেলজা তথা তেওঁৰ দলে ক’ভিড ১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ উপযোগিতা সন্দৰ্ভত গৱেষণা কৰিছিল। এই গৱেষণাৰ ইতিবাচক ফলাফলে উৎফুল্লিত কৰিছে দলটোক। বিশেষকৈ ডালিমৰ বাকলিৰ নিৰ্যাসৰ ফল অতি ভাল বুলি প্ৰমাণিত। গতিকে ভেকচিন ওলোৱালৈ নিয়মীয়াকৈ খাওক ডালিম।