ইয়াৰ কাৰণে পি এম কিষাণ সন্মান নিধিৰ ৱেবছাইটত যাব লাগিব। (https://pmkisan.gov.in/), তাৰ পৰা ফাৰ্মাৰ্চ কৰ্নাৰ অপশ্যনলৈ গৈ বেনিফিচিয়াৰী ষ্টেটাছত গৈ ক্লিক কৰিব লাগিব। বেংক একাউণ্টৰ নম্বৰ অথবা ম’বাইল যিকোনো বিকল্প বাচনি কৰিব লাগিব। বিকল্প বাচনি কৰাৰ পিছত Get Data অপশ্যনত ক্লিক কৰিব লাগিব। Get Data ক্লিক কৰিলে ট্রানজেকশান ডিটেইলছ পোৱা যাব। ইয়াৰ ভিতৰত অষ্টম কিস্তিৰ সংক্ৰান্তত তথ্য পোৱা যাব ৷ প্রতীকী ছবি ৷
এনেকৈ ঘৰত বহি নাম নথিভুক্ত কৰিব পৰা যায়। অফিচিয়েল ৱেবছাইটত যাব লাগিব। (https://pmkisan.gov.in/), অথবা ৱেবছাইটত গৈ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। আধাৰ নম্বৰ এন্টাৰ কৰিলেই নাম ৰেজিষ্ট্ৰেশ্যন বা নাম নথিভুক্তকৰণৰ পেজ খুলি যাব। তাতেই সকলো তথ্য প্ৰদান কৰা হ’ব। বেংকৰ নানা তথ্য তথা আধাৰ নম্বৰ দিয়া হ’ব। সকলো তথ্য দিয়াৰ পিছত বিস্তাৰিত বিৱৰণ চেভ কৰিব লাগিব৷ আৱেদনৰ সর্বশেষ পৰিস্থিতি জানিবলৈ নতুন হেল্পলাইন নম্বৰ (011) 24300606, ইয়াৰ বাহিৰেও ৰেজিষ্টাৰ্ড ম’বাইলৰ মাধ্যমত পোণপটীয়াকৈ যোগাযোগ কৰিব পৰা যায়। প্রতীকী ছবি ৷