শ্ৰেয়া ঘোষালৰ পৰা আৰম্ভ কৰি কিশ্বৰ মাৰ্চেণ্ট, নীতি মোহনে সম্প্ৰতি নিজৰ অনুৰাগীক জনাইছে যে, তেওঁলোক এই সময়ছোৱাতে মা হ'বলৈ ওলাইছে। মাৰ্চত অভিনেতা দম্পত্তি কিশ্বৰ মাৰ্চেণ্ট আৰু সুয়াশ ৰায়ে জনাইছে যে, তেওঁলোকৰ জীৱনলৈ আহিবলৈ লৈছে নতুন আলহী। বিশেষ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিছে এই সুখবৰ। অহা আগষ্ট মাহত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ কথা কিশ্বৰ মাৰ্চেণ্টে। গায়িকা নীতি মোহনে ফেব্ৰুৱাৰী মাহত নিজৰ ঘনিষ্ঠ মহলক জনাই যে, তেওঁ মা হ'বলৈ ওলাইছে। নীতি, নিহাৰ পাণ্ডেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আনহাতে এতিয়া অধীৰ আগ্ৰহেৰে নতুন আলহীলৈ অপেক্ষা কৰিছে জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে। ইতিমধ্য়ে আহিবলগীয়া সন্তানৰ নাম পৰ্যন্ত ঠিক কৰিলে শ্ৰেয়াই। দ্বিতীয় সন্তানৰ অপেক্ষাত দিন পাৰ কৰিছে ৰণবিজয় সিং আৰু প্ৰিয়ংকা সিঙে। আনহাতে লিজা হেডেনো তৃতীয়বাৰলৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবলৈ ওলাইছে। ছচিয়েল মিডিয়াত এক ভিডিও বাৰ্তা প্ৰেৰণ কৰি দিছে এই বাৰ্তা। আগন্তুক জুন মাহত লিজাৰ জীৱনলৈ ন-আলহী অহাৰ কথা।