চৰকাৰী তেল সংস্থাই অন্য দিনৰ দৰে আজিও পেট্ৰ'ল-ডিজেলৰ নতুন দাম প্ৰকাশ কৰিছে। আজি পেট্ৰ'ল-ডিজেলৰ দামত কোনো পৰিৱৰ্তন হোৱা নাই। বিগত ২৯ দিন ধৰি Fuel Price স্থিৰ আছে। আকাশ স্পৰ্শ কৰা পেট্ৰ'ল-ডিজেলৰ দামৰ মাজতে তামিলনাডু চৰকাৰে পেট্ৰ'ল-ডিজেলৰ মূল্যত ৩ টকা হ্ৰাস কৰিছে। তামিলনাডুৰ বিত্তমন্ত্ৰীয়ে এই ঘোষণা কৰিছে। তামিলনাডু চৰকাৰৰ এই পদক্ষেপৰ ফলত অন্য ৰাজ্য চৰকাৰেও বিষয়টোকলৈ ভবা-চিন্তা আৰম্ভ কৰিছে। IOCL-ৰ ৱেব চাইটৰ মতে, দেশৰ ৰাজধানী দিল্লীত লিটাৰ প্ৰতি পেট্ৰ'ল-ডিজেলৰ দাম যথাক্ৰমে ১০১.৮৪ টকা আৰু ৮৯.৮৭ টকা হৈছেগৈ।