আকৌ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য। শনিবাৰৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্যত ১২ পইচা বৃদ্ধি পাইছে। সেইদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্যত ৯ পইচা বৃদ্ধি হৈছে। শেহতীয়াকৈ কেইবাদিনো ধৰি সমগ্ৰ দেশত বাঢ়িছিল পেট্ৰল-ডিজেলৰ মূল্য। ৰাজ্যত প্ৰায় ১০৯ টকা হৈছিল গৈ প্ৰতিলিটাৰ পেট্ৰলৰ দাম। কিন্তু দীপাৱলীৰ দিনা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ হ্ৰাস কৰি জনতাৰ খং কমাবলৈ চেষ্টা কৰিছিল। পেট্ৰলত প্ৰায় ১২ টকা আৰু ডিজেলত প্ৰায় ১৭ টকা হ্ৰাস কৰিছিল চৰকাৰে।