এছএমএছৰ জৰিয়তে পেট্ৰ'ল আৰু ডিজেলৰ দৈনিক মূল্য সহজে জানিব পাৰি৷ ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে 9224992249 নম্বৰত আৰ এছ পি লিখি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব, বিপিচিএল ৰ গ্ৰাহকসকলে আৰএছপি লিখি 9223112222 নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব৷ এইচপিচিএল ৰ গ্ৰাহকসকলে এইচপিপ্ৰাইচ লিখি 9222201122 নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰি মূল্য জানিব পাৰিব৷