সকলোৱে জানে যে শৰীৰক যিদৰে খাদ্যৰ প্ৰয়োজন, সেইদৰে সুন্দৰ টোপনিৰো দৰকাৰ। (প্ৰতীকী ফটো) চিকিৎসকসকলে দৈনিক ৭–৮ ঘণ্টা টোপনি মৰাৰ পৰামৰ্শ দিয়ে। কিন্তু বহুতেই প্ৰয়োজনতকৈ অধিক সময় শুই কটায়। এই অভ্যাসে শৰীৰত পেলাব পাৰে বেয়া প্ৰভাৱ। ওজন বৃদ্ধিৰ সৈতে বাঢ়িব পাৰে চাপ। যিসকলে ২৪ ঘণ্টাৰ ভিতৰত ১২ ঘণ্টাৰ পৰা ১৫ ঘণ্টা টোপনি মাৰি কটায় তেওঁলোক সাৱধান হোৱা উচিত। টোপনিৰ সময়ত কেলৰি বাৰ্ণ কৰা হয়। এই সময়ত শৰীৰৰ কোনো মুভমেণ্ট নহয়। শৰীৰ স্থিৰ থাকে, লৰা–চৰা কৰাৰ কোনো উপক্ৰম নাথাকে। ফলত ওজন বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়। ফলত শৰীৰৰ মেদ বৃদ্ধি পায়। বেছি সময় টোপনি মাৰিলে শৰীৰৰ ভিতৰত এক ধৰণৰ প্ৰক্ৰিয়া চলি থাকে। অতিৰিক্ত টোপনি মাৰিলে শৰীৰত ৰোগে বাহ বান্ধিব পাৰে। হ’ব পাৰে টাইপ টু ডায়েবেটিছ। লগতে হাৰ্ট এটাকৰ সম্ভাৱনাও থাকে। অধিক পৰিমাণে টোপনি মাৰিলে কোষ্ঠ্যকাঠিন্যৰ সমস্যা দেখা দিব পাৰে। বেছি সময় একে অৱস্থানত থাকিলে বেকপেইন হ’ব পাৰে। এই পৰিস্থিতি শৰীৰত দেখা দিলে আজিয়ে এই অভ্যাস ত্যাগ কৰক। Disclaimer: উপৰোক্ত তথ্যসমূহ ঘৰুৱা দিহা, কোনো চিকিৎসক বা ঔষধৰ বিকল্প হ’ব নোৱাৰে। সেয়ে ব্যৱহাৰিক প্ৰয়োগৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।