কোৱা হয় যে প্ৰেমৰ ক্ষেত্ৰত বয়স মাত্ৰ এটা সংখ্যা আৰু কিছুমান ভাৰতীয় ক্ৰিকেটাৰে ইয়াক সঠিক প্ৰমাণ কৰিছে। শচীন তেণ্ডুলকাৰে (Sachin Tendulkar) মাত্ৰ ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে তেওঁৰ পত্নী অঞ্জলি মেহতাক লগ পাইছিল। অঞ্জলি তেওঁৰ তুলনাত ৬ বছৰ ডাঙৰ আছিল, কিন্তু তেওঁলোকৰ প্ৰেমৰ মাজত বয়স দেৱাল হ'ব নোৱাৰিলে। শচীন তেণ্ডুলকাৰৰ উপৰি বিৰাট কোহলি (Virat Kohli), যশপ্ৰীত বুমৰাহ (Jasprit Bumrah)ৰ দৰে বহুতো বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ আছে, যাৰ পত্নী তেওঁতকৈ ডাঙৰ।
সুৰেশ ৰাইনা আৰু প্ৰিয়ংকা চৌধুৰীঃ ভাৰতৰ প্ৰাক্তন বেটছমেন সুৰেশ ৰাইনাই ২০১৫ চনৰ এপ্ৰিলত প্ৰিয়ংকা চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। যদিও দুয়োজনৰ জন্ম ১৯৮৬ চনত হৈছিল, প্ৰিয়ংকা ৰাইনাতকৈ ৫ মাহ ৯ দিন ডাঙৰ। সুৰেশ ৰাইনাৰ জন্ম হৈছিল ১৯৮৬ চনৰ ২৭ নৱেম্বৰত, আনহাতে প্ৰিয়ংকাৰ জন্মদিন ১৮ জুনত পৰে। (Suresh Raina/Instagram)
যশপ্ৰীত বুমৰাহ আৰু সঞ্জনা গণেশনঃ টীম ইণ্ডিয়াৰ পেচাৰ যশপ্ৰীত বুমৰাহ এই বছৰৰ আৰম্ভণিতে মাৰ্চ মাহত ক্ৰীড়া উপস্থাপক সঞ্জনা গণেশনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। বুমৰাহ সঞ্জনাতকৈ দুবছৰ সাত মাহ সৰু। বুমৰাহৰ জন্ম ১৯৯৩ চনৰ ৬ ডিচেম্বৰত হৈছিল, আনহাতে সঞ্জনাৰ জন্ম হৈছিল ১৯৯১ চনৰ ৬ মে' তাৰিখে। (Jasprit Bumrah/Instagram)
হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টানকোভিচঃ টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই যোৱা বছৰ ছাৰ্বিয়ান অভিনেত্ৰী আৰু মডেল নাতাশা ষ্টানকোভিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। নাতাশা হাৰ্দিকতকৈ এবছৰ সাত মাহ ডাঙৰ। হাৰ্দিকৰ জন্ম ১৯৯৩ চনৰ ১১ অক্টোবৰত হৈছিল, আনহাতে নাতাছাৰ জন্ম ১৯৯২ চনৰ ৪ মাৰ্চত হৈছিল। (Hardik Pandya/Instagram)
ৰবীন উথাপ্পা আৰু শীতল গৌতমঃ ৰবীন উথাপ্পাই এগৰাকী বিশিষ্ট টেনিছ খেলুৱৈ শীতল গৌতমক বিয়া কৰাইছিল। তেওঁলোক দুয়োৰে বয়সত চাৰি বছৰৰ পাৰ্থক্য আছে। অৱশ্যে ক্ৰীড়াত তেওঁলোকৰ সাদৃশ্যই তেওঁলোকক একত্ৰিত কৰিছিল। শীতলৰ জন্ম হৈছিল ১৯৮১ চনৰ ৬ জুনত। ইফালে, ১৯৮৫ চনৰ ১১ নৱেম্বৰত ৰবীন উথাপ্পাৰ জন্ম হৈছিল। (Robin Uthappa/Instagram)
শিখৰ ধাৱান আৰু আয়েশা মুখাৰ্জীঃ যদিও শিখৰ ধাৱান আৰু তেওঁৰ পত্নী আয়েশা মুখাৰ্জীৰ এতিয়া বিবাহ বিচ্ছেদ হৈছে, দুয়োৰে মাজত বয়সৰ যথেষ্ট ব্যৱধান আছিল। শিখৰ আৰু আয়েশা ২০১২ চনত বিবাহপাশত আবদ্ধ হৈছিল। আয়েশা আৰু শিখৰৰ বয়সৰ মাজত প্ৰায় ১০ বছৰৰ পাৰ্থক্য আছে। আয়েশাৰ জন্ম ১৯৭৫ চনৰ ২৭ আগষ্টত হৈছিল, আনহাতে শিখৰ ধাৱানৰ জন্ম হৈছিল ১৯৮৫ চনৰ ৫ ডিচেম্বৰত। (Shikhar Dhawan/Instagram)