

মুম্বাইৰ ষ্টাৰ কিডছৰ ভিতৰত তাইমুৰ আলী খানৰ জনপ্ৰিয়তা আটাইতকৈ বেছি। জনপ্ৰিয়তা কি বুজি পোৱাৰ আগতেই, চেলিব্ৰিটীৰ আসন লাভ কৰিলে টাইমুৰে। তাইমুৰক দেখা মাত্ৰকে ‘পাপাৰাজি’ৰ কেমেৰাই আৱৰি ধৰে। সেই তাইমুৰকে এতিয়া পছন্দ কৰিছে অভিনেত্ৰী নুৰা ফাতেহীয়ে।


সম্প্ৰতি কৰীণা কাপুৰৰ শ্বুত অংশ লৈছিল নুৰাই। আৰু অনুষ্ঠানৰ মাজতে তেওঁ জনাই যে, সৰু তাইমুৰক তেওঁ খুব পছন্দ কৰে। আনকি তাইমুৰক বিয়া কৰাবলৈও ইচ্ছা কৰে। নুৰাই জনাই যে, তেওঁ অপেক্ষা কৰিছে, কেতিয়া তাইমুৰ ডাঙৰ হ’ব আৰু তেওঁ বিয়াৰ প্ৰস্তাৱ দিব পাৰিব।


কৰীণাই প্ৰথমে নুৰাৰ কথা শুনি অবাক হয়। তাৰ পিছত ধেমালীৰ সুৰত কয় যে, ‘তাইমুৰৰ বয়স মাত্ৰ চাৰি বছৰ। তাৰ উত্তৰত নুৰাই কয়, অপেক্ষা কৰাত তেওঁৰ কোনো অসুবিধা নাই। তেওঁ অপেক্ষা কৰিব।


কৰীণাই জনাইছে যে, নুৰাৰ নৃত্যত মুগ্ধ কৰীণাৰ লগতে ছেইফ আলী খানো। আৰু তাৰ মাজতেই ধেমালীৰ সুৰত নুৰাই তাইমুৰক বিয়া কৰাব বিচাৰো বুলি উল্লখ কৰে।