দূৰত্ব বাঢ়িছে অভিনেত্ৰী নুছৰত জাহান আৰু নিখিলৰ জৈনৰ মাজত। খোলাখুলি এই বিষয়ে নক’লেও, ছচিয়েল মিডিয়াত এতিয়া এয়াই চৰ্চা। আনহাতে, টলীউদত গুঞ্জন নুছৰত আৰু অভিনেতা যশ দাসগুপ্তক লৈ। ইয়াৰ মাজতে আন এগৰাকী তৰুণীৰ সৈতে ফটো পোষ্ট কৰিলে নিখিলে। মঙলবাৰে নুছৰতৰ ভগ্নী নুজাত জাহানৰ সৈতে এখন ফটো পোষ্ট কৰিলে নিখিলে। সেই ফটোৰ কমেণ্টত নুজাতে লিখিলে, সকলোবোৰৰ বাবে ধন্যবাদ। অৰ্থাৎ নুছৰতৰ সৈতে দূৰত্ব বাঢ়িলেও পৰিয়ালৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছে নিখিলে। নুজাতে নিজৰ ইনষ্টাগ্ৰামত আকৌ নিজৰ ভগ্নী নুছৰতৰ সৈতে এক সুন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। কিন্তু নুছৰত আৰু নিখিলে পৰস্পৰে পৰস্পৰক ছচিয়েল মিডিয়াত আনফলো কৰিছে কিছুদিন আগতে। আৰু তেতিয়াৰে পৰা দুয়োৰে দূৰত্ব স্পষ্ট হৈছে। ইফালে যশৰ সৈতে ৰাজস্থানৰ পৰা ঘূৰিও আহিছে নুছৰতে। তেওঁলোকৰ দুজনক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছে ফেন পেজো। একেলগে বিভিন্ন অনুষ্ঠানতো দেখা গৈছে নুছৰত আৰু যশ দাসগুপ্তক। অনুৰাগীসকলে তেওঁলোকক যশৰত নামেৰে মাতিবলৈ লৈছে। জনা গৈছে, এছঅ’এছ ছবিৰ শ্বুটিং চলাৰ সময়তে যশৰ সৈতে ঘনিষ্ঠতা আৰম্ভ হয় নুছৰতৰ। তাৰ পিছত আনকি যশৰ সৈতে কিছু ফটোও পোষ্ট কৰিছে নুছৰতে। কিন্তু বিগত কেইবামাহ ৰি নিখিলৰ সৈতে কোনো ফটো নাই নুছৰতৰ। আনহাতে প্ৰায়ে যশৰ সৈতে দেখা গৈছে অভিনেত্ৰীগৰাকীক।