নতুন বছৰত সাধাৰণ মানুহৰ বাবে ডাঙৰ উপহাৰ। হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম। ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা এটা বিবৃতিত জনোৱা হৈছে এই কথা। ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে ১০০ টকা। কিন্তু ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। ডিচেম্বৰ ২০২১-ত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম ১০০ টকা বাঢ়িছিল। ১৯ কেজি বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে। আপোনাৰ চহৰত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম জানিব বিচাৰিলে চৰকাৰী এই গেছ সৰবৰাহকাৰী সংস্থাৰ ৱেবচাইত ক্লীক কৰকঃ(cx.indianoil.in/webcenter/portal/Customer/pages_productprice) ৷ তাৰ পিছত ৱেবচাইটত ৰাজ্য, জিলা, ডিষ্ট্ৰিবিউটৰ চিলেক্ট কৰি চাৰ্চ অপশ্যনত ক্লীক কৰিব লাগিব। তাৰ পিছতেই ৰন্ধন গেছৰ দাম জানিব পাৰিব।