Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 4


পোষ্ট অফিচৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। ১ এপ্ৰিল ২০২১ৰ পৰা পোষ্ট অফিচৰ একাধিক নিয়ম সলনি হ’ব। মানি কন্ট্ৰোলৰ খবৰ অনুসৰি, India Post Payment Banks–এ এতিয়া টকা জমা কৰিলে আৰু AEPSত চাৰ্জ লগোৱাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰে পৰা টকা জমা কৰিলে আৰু উলিওৱাৰ বাবে চাৰ্জ দিব লাগিব।
2/ 4


আপোনাৰ বেছিক ছেভিংছ একাউণ্ট থাকিলে ৪ বাৰ টকাৰ উলিওৱাৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগিব। কিন্তু চাৰিবাৰৰ বেছি ট্ৰানজেকশ্যন কৰিলে ২৫ টকা বা ০.৫ শতাংশ চাৰ্জ দিব লাগিব। টকা জমা দিয়াৰ বাবে কোনো চাৰ্জ দিব নালাগে।
3/ 4


ছেভিংছ আৰু কাৰেণ্ট একাউণ্টৰ পৰা প্ৰতি মাহত ২৫ হাজাৰ টকাপৰ্যন্ত উলিয়াব পাৰিব। ২৫ হাজাৰৰ বেছি টকা উলিয়ালে দিব লাগিব ২৫ টকা চাৰ্জ। আনহাতে, ১০ হাজাৰ টকালৈ জমাৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগে। ইয়াতকৈ বেছি টকা জমা কৰিলে ২০ৰ পৰা ২৫ টকা চাৰ্জ লাগিব।