ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল এবছৰ পূৰ্বে ১৫ আগষ্টৰ দিনটোত। সেইদিনা সন্ধিয়া ৭ বাজি ২৯ মিনিটত ঘোষণা কৰিছিল অৱসৰৰ কথা। ধোনীৰ হঠাৎ অৱসৰৰ ঘোষণাই আচৰিত কৰিছিল সকলোকে। (pc: @ChennaiIPL twitter) কিন্তু এইবছৰ ১৫ আগষ্টৰ দিনটো সকলো ক্ৰিকেটপ্ৰেমীৰ বাবে যেন আৰু অধিক আচৰিত। বিৰাট কোহলীৰ নামৰ এটা টুইট ভাইৰেল। ঠিক মহেন্দ্ৰ সিং ধোনীৰ টুইটত যি মন্তব্য আছিল সেই একেই মন্তব্য কোহলীৰ নাম ভাইৰেল হোৱা এই টুইটত। পুৱা এই ঘটনাত চমকি উঠে সমগ্ৰ দেশ। (AFP) পুৱাই ভাইৰেল হোৱা টুইট অনুসৰি, কোহলীৰ মন্তব্য আছিল – ধন্যবাদ আপোনালোকৰ সমৰ্থনৰ বাবে। আজি সন্ধিয়া ৭.২৯ বজাৰ পৰা মোক অৱসৰপ্ৰাপ্ত বুলি ভাবিব। এই ভুৱা টুইট বহুতে সঁচা বুলিয়ে ভাবি ল’লে। এয়া আছিল এক ভুৱা টুইট। যাক একাংশ লোকে সঁচা বুলি ভাবি শ্বেয়াৰ কৰি ভাইৰেল কৰে। এই মুহূৰ্তত ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ডত খেলি আছে। কোহলীয়ে নিজৰ ফৰ্ম ধৰি ৰাখিব নোৱাৰাত সমালোচনাৰো সন্মুখীন হৈছে। ইয়াৰ ফলত বিৰাটৰ সমালোচকসকলে এই টুইটক নিজৰ সমালোচনাৰ অস্ত্ৰ হিচাপে ধৰি লৈছে। এয়াও আচলতে ট্ৰ’লাৰ্ছসকলৰে কুকীৰ্তি।