ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষীৰ আজি অৰ্থাৎ ৪ জুলাইত ১১সংখ্যক বিবাহবাৰ্ষিকী MS Dhoni and Sakshi Marriage Anniversary। দুয়োৰে বিবাহ ২০১০ চনৰ ৪ জুলাইত হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ এদিন পূৰ্বে ডেৰাদুনত দুয়োৰে আঙঠি পিন্ধোৱা পৰ্ব হৈছিল। (Sakshi Singh_r Instagram)
মহেন্দ্ৰ সিং ধোনী আৰু সাক্ষীৰ প্ৰধম সাক্ষাতৰ কাহিনী অতি আকৰ্ষণীয়। দুয়োৰে প্ৰথম দেখা এটা পাৰ্টীত হৈছিল। ধোনীয়ে সেই হোটেলখনত আছিল আৰু সাক্ষীয়ে তাত হোটেল মেনেজমেণ্ট পঢ়াৰ পিছত ইণ্টাৰ্ণশ্বিপ কৰি আছিল। এই সাক্ষাতৰ পিছতে দুয়ো বন্ধু হৈ পৰে আৰু সেই বন্ধুত্ব পিছলৈ প্ৰেমলৈ ৰূপান্তৰিত হয়। তাৰ পিছত বিয়া। বিয়াৰ পিছৰ বছৰে ২০১১ চনত ভাৰতে ধোনীৰ নেতৃত্বত টি২০ বিশ্বকাপ জিকিছিল। (Sakshi Singh_r Instagram)
ধোনীৰ প্ৰতিটো ষ্টাইল বিশেষকৈ হেয়াৰ ষ্টাইল অনুৰাগীৰ অথ্যন্ত প্ৰিয় আছিল। এটা সময়ত তেওঁৰ দীঘল চুলিৰ অনুৰাগী হৈ পৰিছিল বহুতেই। কিন্তু সাক্ষীয়ে ধোনীৰ এই হেয়াৰ ষ্টাইল একেবাৰে ভাল পোৱা নাছিল। এক লাইভ চাটত সাক্ষীয়ে কৈছিল যে তেওঁ (ধোনী) ভাগ্যৱান যে মই তেওঁক দীঘল চুলিত দেখা নাপালো। যদি মই তেওঁক সেই দীঘল চুলিৰে দেখিলোহেঁতেন তেন্তে হয়তো বিয়া নাপাতিলোহেঁতেন। (Sakshi Singh_r Instagram)
ধোনীয়ে নিজৰ দলক কিমান গুৰুত্ব দিছিল সেয়া ইয়াৰ দ্বাৰাই অনুমান কৰিব পাৰি যে ২০১৫ চনৰ বিশ্বকাপৰ বাবে তেওঁ অষ্ট্ৰেলিয়ালৈ গৈছিল। সেই সময়ত তেওঁৰ পত্নীয়ে কন্যা জিভাক জন্ম দিয়াৰ সময় হৈছিল। কিন্তু তথাপি তেওঁ ভাৰতলৈ উভতি অহা নাছিল। তেওঁৰ কন্যা জিভাৰ জন্ম ৬ ফেব্ৰুৱাৰী ২০১৫ত হৈছিল, সেইদিনা দলীয় মিটিঙৰ বাবে ধোনীয়ে নিজৰ ফোনটো চোৱা নাছিল। তেতিয়া সাক্ষীয়ে সুৰেশ ৰাইনাক মেছেক কৰি ধোনীক এই কথা জনাবলৈ কৈছিল যে তেওঁ পিতৃ হৈছে। ধোনীক যেতিয়া এই বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কৈছিল যে মই দেশৰ বাবে আহিছো, বিশ্বকাপ গুৰুপূৰ্ণ। (Sakshi Singh_r Instagram)