চাহ আৰু ময়দাৰ ব্যঞ্জন: বহুলোকে চাহৰ সৈতে গৰম পকৰি, নিমকি, অন্য ময়দাৰ নাস্তা খাবলৈ ভাল পায়। যদিও এই বস্তুবোৰ সুস্বাদু, ই মানুহৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক হ’ব পাৰে। চাহৰ সৈতে ময়দা খালে ইয়ে মানুহৰ পাচন তন্ত্ৰ দুৰ্বল কৰিব পাৰে। চাহৰ সৈতে ময়দা আৰু ভজা খাদ্য খোৱাটোৱে শৰীৰৰ পাচন তন্ত্ৰৰ ওপৰত চাপ দিয়ে, যাৰ ফলত শৰীৰৰ পুষ্টি শোষণ কৰাৰ ক্ষমতা হ্ৰাস হয়। গতিকে চাহৰ সৈতে ময়দা আৰু ভজা খাদ্য খোৱা পৰিহাৰ কৰক।
চাহ আৰু নেমু: বহুলোকে ওজন হ্ৰাস কৰিবলৈ চাহত নেমু দি পান কৰে। কিন্তু লেমন (নেমু) চাহ পান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিয়নো যদি নেমুৰ ৰস চাহৰ সৈতে মিহলি কৰা হয়, ই এচিডিক হৈ পৰে। পুৱা খালী পেটত নেমুৰ ৰসৰ সৈতে চাহ খালে এচিড ৰিফ্লাক্স আৰু বুকু জ্বলা–পূৰাৰ দৰে সমস্যা হ’ব পাৰে। গতিকে নেমুৰ ৰসৰ সৈতে চাহ খোৱা পৰিহাৰ কৰক।
চাহ আৰু পানী: যদিও চাহ পানীৰ পৰা তৈয়াৰ কৰা হয়, কিন্তু চাহ পান লগে লগে কেতিয়াও পানী পান কৰিব নালাগে। এনে কৰিলে শৰীৰত হজম শক্তি দুৰ্বল হয় আৰু পেটৰ বহুতো সমস্যা হয়। চাহ পান লগে লগে পানী পান কৰাৰ ফলত কম বয়সতে মুখত কোঁচ (Wrinkles) পৰিব পাৰে। লগতে, চাহ খোৱাৰ লগে লগে ঠাণ্ডা খাদ্যও খাব নালাগে। গৰম চাহৰ পিছত কমেও ৩০ মিনিটৰ বাবে ঠাণ্ডা খাদ্য পৰিহাৰ কৰিব লাগে।
চাহ আৰু শুকান ফল: বহুলোকে পুৱা চাহৰ সৈতে শুকান ফল খায়। কিন্তু এনে কৰাটো স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। বাদামত যথেষ্ট পৰিমাণে লো থাকে, সেয়েহে সেইবোৰ চাহৰ সৈতে সেৱন কৰিলে স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে। চাহত টেনিন নামৰ এক যৌগ থাকে, যি শুকান ফলৰ সৈতে গ্ৰহণ কৰিলে শৰীৰৰ পুষ্টি শোষণ প্ৰতিহত কৰিব পাৰে।
চাহ আৰু বিস্কুট: চাহৰ সৈতে বিস্কুট আৰু বেকাৰী সামগ্ৰী বহুত খোৱা হয়। কিন্তু পুৱা চাহৰ সৈতে এই খাদ্যবোৰ খোৱাটো শৰীৰৰ বাবে ভাল নহয়। পুৱা শক্তি প্ৰাপ্ত কৰিবলৈ শৰীৰক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। গতিকে চাহ খোৱাৰ পিছত আপুনি ভালদৰে পুৱাৰ আহাৰ খাব লাগে। লগতে বিস্কুট আৰু বেকাৰী সামগ্ৰীত নিমখ আৰু ময়দা অধিক পৰিমাণৰ থাকে, সেয়েহে ইয়াক চাহৰ সৈতে খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।