কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডিঙৰ সিদ্ধান্ত। পাব্লিক ছেক্টৰৰ এই চাৰিটা জেনেৰেল ইনছুৰেন্সৰ ফালৰ পৰা দীপৱলীৰ ডাঙৰ উপহাৰ। বিত্ত মন্ত্ৰণালয়ৰ ডাঙৰ ঘোষণা, এই প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ ১২ শতাংশ বেতন বৃদ্ধি কৰা হ’ব। এই নিৰ্দেশ আগষ্ট ২০১৭ চনৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে। কেন্দ্ৰৰ ফালৰ পৰা চাৰি সংস্থাৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে, সেইবোৰ হ’ল নিউ ইণ্ডিয়া ইঞ্চুৰেন্স কোম্পানী, ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী, দ্য অৰিয়েণ্টেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড আৰু নেচনেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড। জানিব পৰা মতে, এই বেতন বৃদ্ধিৰ ফলত ৰাজকোষত অতিৰিক্ত ৮,০০০ কোটি টকাৰ বোজা পৰিব বুলি ধাৰণা কৰা হৈছে। এই বিষয়টোক লৈ ১৪ অক্টোবৰত এই আঁচনিৰ নাম ৰখা হৈছে জেনেৰেল ইঞ্চুৰেন্স এমেণ্ডমেণ্ট স্কীম ২০২২। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, এই বেতন বৃদ্ধি ২০১৭ চনৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ কৰ্মচাৰীসকলে বেতন বৃদ্ধিৰ সৈতে লাভ কৰিব ৫ বছৰৰ এৰিয়াৰো। নটিফিকেচন অনুসৰি, প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ ক্ষেত্ৰত শতাংশৰ হিচাপটো পৰিৱৰ্তিত হ’ব। মূলতঃ কৰ্মচাৰীসকলৰ প্ৰদৰ্শনৰ ওপৰত ধাৰ্য কৰা হ’ব তেওঁলোকৰ টকা। এই সিদ্ধান্তক লৈ খুব বেছি আনন্দিত নহয় ইউনিয়ন। প্ৰতিষ্ঠান আৰু তেওঁলোকৰ প্ৰদৰ্শনৰ একাকাৰ কৰাটো মুঠেই উচিত নহয় বুলি মন্তব্য কৰিছে ইউনিয়নসমূহে। চৰকাৰী বেংক আৰু বীমা প্ৰতিষ্ঠানসমূহৰ বেতন প্ৰতি ৫ বছৰত এবাৰ ৰিভাইজ হয়। ২০১৭ৰ পিছত ২০২২ত পুনৰ ৰিভাইজ হোৱাৰ কথা আছিল আৰু সেয়াই হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত উপকৃত হ’ব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলো। যিসকলে এই সময়ৰ ভিতৰত কৰ্মৰত আছিল তেওঁলোকো লাভৱান হ’ব।