লাখ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। কিয়নো মোদী চৰকাৰে মহাৰ্ঘ ভাত্তা বৃদ্ধিৰ পৰিকল্পনা কৰিছে।ষ (প্ৰতীকী ফটো) AICPIৰ সূচক অনুযায়ী এই খবৰ পোৱা গৈছে যে জানুৱাৰী ২০২৩ৰ পুনৰ কৰ্মচাৰীসকলক বাম্পাৰ উপহাৰ পাব পাৰে। (প্ৰতীকী ফটো) AICPIৰ সূচকত জানিব পৰা গৈছে যে পুনৰ এবাৰ এই সূচকে গতি পাইছে। এইবাৰো কেন্দ্ৰীয় চৰকাৰে ৪ শতাংশকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মহাৰ্ঘ ভাত্তা বৃদ্ধি কৰিব পাৰে, প্ৰাথমিকভাৱে এইদৰেই জানিব পৰা গৈছে। (প্ৰতীকী ফটো) বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৩৮ শতাংশ হাৰত মহাৰ্ঘ ভাত্তা লাভ কৰে। যদি ৪ শতাংশ পুনৰ বৃদ্ধি পায় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে মুঠ ৪২ শতাংশ ডি লাভ কৰিব। (প্ৰতীকী ফটো) যিসকলৰ বেছিক ছেলাৰী ন্যূনতম তেওঁলোকৰ ক্ষেত্ৰত বাঢ়িব ৭২০ টকা আৰু যিসকলৰ বেছিক ছেলাৰী সৰ্বাধিক তেওঁলোকে ২২৭৬ টকাকৈ ডিএ লাভ কৰিব। (প্ৰতীকী ফটো) শ্ৰম মন্ত্ৰণালয়ৰ ফালৰ পৰা জানিব পৰা গৈছে যে ছেপ্টেম্বৰত AICPIৰ সূচক ১৩১ পইণ্ট পাৰ হৈছে। জুনৰ নিৰিখৰ তুলনাত ২.১ শতাংশ AICPIৰ সূচক বৃদ্ধি পাইছে। (প্ৰতীকী ফটো) আগষ্টৰ তুলনাত ১.১ শতাংশ ঊৰ্ধ্বগামী হৈছে। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক ছেলাৰী ১৮,০০০ টকা, নতুন মহাৰ্ঘ ভাত্তা ৪২ শতাংশ হ’লে ৭,৫৬০ টকা প্ৰতি মাহত। (প্ৰতীকী ফটো) যিসকল কৰ্মচাৰীয়ে বেছিক ছেলাৰী ৫৬,৯০০ টকা পায়, নতুন মহাৰ্ঘ ভাত্তা ৪২ শতাংশকৈ ২৩,৮৯৮ টকা প্ৰতিমাহত। বৰ্তমান মহাৰ্ঘ ভাত্তা ৩৮ শতাংশ, ২১,৬০০ টকা, গতিকে ২৩৮৯৮–২১৬০০ টকা অৰ্থাৎ ২২৭৬ টকা। (প্ৰতীকী ফটো) বাৰ্ষিক ডি এ বৃদ্ধি পাব ২২৭৬x১২=২৭,৩১২ টকা। ইয়াৰ ফলত মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অত্যন্ত ডাঙৰ খৰচ আহিব। (প্ৰতীকী ফটো)