মিৰাবাঈ চানুৰ ছিম্পলিচিটাৰ তুলনা নাই! টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশৰ নাম উজলাই অহা মণিপুৰৰ ভাৰোত্তলক মিৰাবাঈ চানুৱে ঘৰলৈ আহি ঘৰুৱা খাদ্যৰে পৰিয়ালৰ সৈতে খালে এসাজ। আড়ম্বৰহীন এক পৰিবেসত সাধাৰণ লোকৰ দৰেই ভাত খাই থকা এই ফটোখন দেখি সকলোৱে আকৌ এবাৰ ছেল্যুট মাৰিবলৈ বাধ্য হৈছে এইগৰকী মহান খেলুৱৈক।
[caption id="attachment_135311" align="alignnone" width="960"] সুদীৰ্ঘ ২ বছৰ মূৰত অলিম্পিক জয় কৰি ঘৰলৈ আহিছে মিৰাবাঈ চানু। পৰিয়ালৰ সকলোকে একেলগে হাঁহিমুখে দেখা পাই আনন্দত আত্মহাৰা হৈ পৰিছে খেলুৱৈগৰাকী। আনন্দৰ এই ক্ষণ অনুৰাগীৰ সৈতে ভগাই লোৱাৰ হেঁপাহকণ সামৰি থ'ব নাৱোৰিলে সহজ-সৰল মিৰাবাঈয়ে, ছেয়াৰ কৰিলে ছচিয়েল মিডিয়াত।
উল্লেখ্য যে অতি সাধাৰণ জীৱন যাপন কৰা মিৰাবাঈৰ পিজ্জাৰ প্ৰতি আছে সাংঘাতিক দুৰ্বলতা। অলিম্পিকৰ খেল সামৰিয়েই মিৰাবাঈৰ প্ৰথম টাৰ্গেত আছিল পিজ্জা খোৱা। ভাৰতত উপস্থিত হোৱাৰ পিছত সেয়ে কিৰেণ ৰিজিজুৱেও পিজ্জা খুৱাইছিল মিৰাবাঈ চানু। উল্লেখ্য যে ডমিনোজ পিজ্জাই মিৰাবাঈ চানুক জীৱনভৰৰ বাবে ফ্ৰী পিজ্জা দিয়াৰ প্ৰতিশ্ৰুতি দিছে।