তেওঁ লগতে আৰু দাবী কৰে, অক্সফ’ৰ্ড ভেকচিনৰ কাৰ্যকৰীতা যথেষ্ট ভাল তথা ট্ৰায়েলত ইয়ে বয়সীয়াল মানুহৰ শৰীৰতো যথেষ্ট ভাল কাম কৰিছে। পুনাৱালাই জনায়, এই ভেকচিন প্ৰয়োগৰ পিছত শৰীৰত টি চেল নিৰ্মান হয় যি কোৰোণাৰ বিৰুদ্ধে দীৰ্ঘম্যাদী প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ কাৰণে সক্ষম৷ কিন্তু বাস্তৱত প্ৰকৃততে কোনটো ভেকচিনে কিমান দীঘলীয়া সময় মানুহৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা ধৰি ৰাখিব সেয়া এতিয়াই কোৱাটো সম্ভৱ নহয় বুলি কয় আদৰ পুনাৱালাই।
ব্রিটেইনৰ চৰকাৰী কর্তৃপক্ষ তথা ইউৰোপিয়ান মেডিচিনছ ইভালুৱেশ্যন এজেন্সীয়ে জৰুৰী ভিত্তিত অক্সফ’ৰ্ড ভেকচিনৰ অনুমতি দিলে ভাৰতেও এই ভেকচিনৰ ইমার্জেন্সি ব্যৱহাৰৰ কাৰণে ড্ৰাগ কণ্ট্ৰ’লাৰৰ ওচৰত আৱেদন কৰিব বুলি জনায় পুনাৱালাই৷ গতিকে জৰুৰী ভিত্তিত অনুমোদন পালেও কেৱল স্বাস্থ্যকর্মী, সন্মুখৰ শাৰীত থকা কোৰোণা যোদ্ধা তথা বয়স্কসকলৰ ওপৰতে এই ভেকচিনৰ প্ৰয়োগ কৰা হ’ব।
ফেব্রুয়াৰী মাহৰ পৰাই ভাৰতত মাহেকত ভেকচিনৰ ১০কোটি ড’জ উৎপাদনৰ লক্ষ্য লৈছে চিৰাম ইনষ্টিটিউটে। তাৰ মাজতো কি পৰিমাণৰ ভেকচিন ভাৰতে পাব সেয়া এতিয়াও চুক্তি চূড়ান্ত হোৱা নাই। ২ ৰ পৰা ৮ ডিগ্রী চেলছিয়াছ তাপমাত্রাৰ মাজত এই ভেকচিন মজুত কৰি ৰখা যাব। ফলত ভাৰতৰ ক’ল্ড ষ্ট’ৰেজসমূহত এই ভেকচিন ৰখাত সমস্যা নহ’ব।