মাহৰ প্ৰথম দিন অৰ্থাৎ ৰন্ধন গেছৰ দাম নিৰ্ধাৰণৰ দিন। প্ৰতি মাহৰ প্ৰথমটো দিনত নিৰ্ধাৰণ কৰা হয় ৰন্ধন গেছৰ দাম। বাণিজ্যিক ৰন্ধন গেছৰ দাম হ্ৰাস পাইছে। প্ৰতিটো চিলিণ্ডাৰৰ দাম ৩৬ টকাকৈ হ্ৰাস পাইছে। মাহৰ প্ৰথমটো দিনতে জনতাৰ বাবে ভাল খবৰ। দিল্লীত ১৯ কিলোগ্ৰামৰ ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২০১২.৫০ টকাৰ পৰা ১৯৭৬.৫০ টকা হৈছে। কলকাতাত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২১৩২ টকাৰ পৰা ২০৯৫.৫০ টকা হৈছে। মুম্বাইত ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে ১৯৩৬.৫০ টকা। চেন্নাইত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে ২১৪১ টকা। বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিলেও ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস পোৱা নাই। দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দাম ১০৫৩ টকা। কলকাতাত ১০৭৯ টকা, মুম্বাইত ১০৫২ টকা, চেন্নাইত ১০৬৮ টকা প্ৰতিটো চিলিণ্ডাৰৰ দাম। ইয়াৰ পূৰ্বে বিগত মাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮.৫০ টকা হ্ৰাস পাইছিল। ৬ জুলাইত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি হৈছিল।