মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। এই সময়তে মধ্যবিত্তৰ বাবে সকাহৰ খবৰ যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে। (প্ৰতীকী ফটো) ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ১৮৫৯.৫০ টকা। যাৰ দাম বৰ্তমান হ’লগৈ ১৭৪৪ টকা (প্ৰতীকী ফটো) ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম নকমিলেও কমিছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰত। (প্ৰতীকী ফটো) ইয়াৰ ফলত কলকাতাত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ’ল ১৮৪৬ টকা, পূৰ্বে এই দাম আছিল ১৯৯৫.৫০ টকা। (প্ৰতীকী ফটো) মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল ১৮৪৪ টকা, বৰ্তমান দাম ১৬৯৬ টকা। (প্ৰতীকী ফটো) চেন্নাইত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ২০০৯.৫০ টকা। এতিয়া দাম ১৮৯৩ টকা। (প্ৰতীকী ফটো) বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমাৰ ফলত কিছু স্বস্তিৰ সকাহ পাব মধ্যবিত্তই। ইয়াকে লৈ ধাৰাবাহিকভাৱে ৬বাৰ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। (প্ৰতীকী ফটো) অক্টোবৰত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫.৫ টকা কমিছিল। (প্ৰতীকী ফটো)