পেট্ৰ’ল–ডিজেলৰ পিছতে ৰন্ধন গেছৰ দামে মাধমাৰ শোধাব পাৰে দেশৰ জনতাক। ধাৰাবাহিক লোকচানৰ বাবে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন পাৰ হ’লেই ৰন্ধন গেছৰ দাম বৃদ্ধিৰ সম্ভাৱনাই দেখা দিছে। খনিজ তেল সৰবৰাহকাৰী প্ৰতিষ্ঠানে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰিছে ইতিমধ্যে। তাৰ ফলত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০৫ টকা বাঢ়িছে। আচলতে ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ ফলত অপৰিশোধিত তেলৰ দাম যি হাৰত বৃদ্ধি পাইছে তাৰ ফলত ঘৰুৱা ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে। ৫ কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৭ টকা বৃদ্ধি কৰা হৈছে। সেয়ে অনুমান কৰা হৈছে যে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে পেট্ৰ’ল–ডিজেলৰ লগতে ৰন্ধন গেছৰ দাম বাঢ়িব। বিগত ১ মাৰ্চৰ পৰা দেশৰ ৰাজধানী দিল্লীত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১৯০৭ টকাৰ পৰা বাঢ়ি ২০১২ টকা হৈছে। ৫ কেজিৰ সৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫৬৯.৫০ টকা। বিগত ১১৯ দিন ধৰি পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি হোৱা নাই। বিগত ৩ নৱেম্বৰ ২০২১ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল প্ৰতিলিটাৰত ৫ টকা আৰু ডিজেল প্ৰতিলিটাৰত ১০ টকা হ্ৰাস কৰিছিল। তাৰ পিছত একাংশ ৰাজ্যয়ো আবকাৰী শুল্ক হ্ৰাস কৰিছিল। কিন্তু আন্তৰ্জাতিক বজাৰত অপৰিশোধিত খনিজ তেলৰ দাম ৮২ ডলাৰ প্ৰতি বেৰেল হৈছে। ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ ফলত অপৰিশোধিত তেলৰ দাম ১০৪ ডলাৰ হৈছে। নিজৰ চহৰৰ ৰন্ধন গেছৰ দাম (LPG Price Today) জানিবলৈ চৰকাৰী অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে। ইয়াৰ বাবে https://iocl.com/Products/IndaneGas.aspx এই লিংকত গৈ ক্লিক কৰিব লাগিব। প্ৰতি মাহৰ প্ৰথম তাৰিখে ৰন্ধন গেছৰ নতুন দাম নিৰ্ধাৰিত আৰু প্ৰকাশিত হয়।