চৰকাৰী তৈল কোম্পানীৰ মতে, নৱেম্বৰৰ পৰা দেশৰ এশখন চহৰত এই প্ৰক্ৰিয়াৰে চলিব এলপিজি ৰন্ধন গেছৰ ডেলিভাৰী। ফলত গ্রাহকে সঠিক ম’বাইল নম্বৰ ৰেজিষ্টাৰ্ড কৰাটো প্ৰয়োজন হ’ব। ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ গ্ৰাহকৰ সৈতে নাথাকিলে তেওঁ OTP নাপাব আৰু OTP নিদিলে চিলিণ্ডাৰ নাপায়। গতিকে তৈল কোম্পানীসমূহে গ্ৰাহকৰ নাম, ম’বাইল নম্বৰ তথা ঠিকনা সঠিকভাৱে আপডেট কৰিবলৈ অনুৰোধ কৰিছে।