প্ৰতিদিনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। ৰন্ধন গেছ (LPG Cylinder) নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত অন্যতম। ইয়াৰ মাজতে এক ডাঙৰ ডিল প্ৰকাশ পাইছে, সেয়া হ’ল ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বুক কৰিলে পোৱা যাব নিশ্চিত কেছবেক। আচলতে ডিজিটেল পেমেণ্ট সুবিধা প্ৰদানকাৰী পকেটছ এপৰ (Pockets App)ৰ জৰিয়তে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুক কৰিলে ১০ শতাংশ পৰ্যন্ত কেছবেক পোৱা যাব. এই এপ ICICI Bankৰ জৰিয়তে অফাৰ প্ৰদান কৰে। চাওক কিদৰে পোৱা যাব এই কেছবেক। পকেটছ এপৰ জৰিয়তে ২০০ টকা বা তাতকৈ বেছি বিল পেমেণ্ট কৰিলে ১০ শতাংশ কেছবেক পোৱা যাব। এই অফাৰ পাবলৈ গ্ৰাহকে কোনো প্ৰমো কোড ব্যৱহাৰ কৰিব নালাগে। কিন্তু এয়া এমাহত তিনিখন বিলৰ বাবেহে প্ৰযোজ্য হ’ব। প্ৰতিষ্ঠানটোৰ নিয়ম অনুসৰি, ১ ঘণ্টাত ৫০জন ব্যৱহাৰকাৰীয়ে এই অফাৰৰ সুযোগ পাব পাৰে. আটাইতকৈ ডাঙৰ কথাটো হ’ল এইক্ষেত্ৰত এক ঘণ্টাত সৰ্বাধিক ১ ৰিৱাৰ্ড বা কেছবেক আৰু মাহত সৰ্বাধিক তিনিটা ৰিৱাৰ্ড বা কেছবেক জিকিব পাৰিব। প্ৰথমে পকেটছ এপ অপেন কৰিব লাগিব। ৰিচাৰ্জ এণ্ড পে বিলছ কেটেগৰীৰ পে বিলছ অপচনলৈ গৈ এলপিজি অপচন বাচনি কৰক। ইয়াৰ পিছত ছাৰ্ভিচ প্ৰভাইডাৰ বা গেছ সৰবৰাহকাৰী সংস্থা নিৰ্বাচন কৰিব লাগিব। তাৰ পিছত দিব লাগিব মোবাইল নম্বৰ। তাৰ পিছতে ছিষ্টেমৰ মাধ্যমত বুকিঙৰ বাবে কিমান টকা দিব লাগে জনোৱা হ’ব। লেনদেনৰ পিছতে ১০ শতাংশ হিচাপত সৰ্বাধিক ৫০ টকাৰ ৰিৱাৰ্ড কেছবেক পোৱা যাব। সেয়া খুলিলেই কেছবেকৰ মূল্য ৱালেটত ট্ৰান্সফাৰ হৈ যাব।