ভাৰত–চীনৰ দৰে দেশৰ আবাদী দেখি আপুনি হয়তো ভাবিব যে বিশ্বৰ সকলো লোক ইয়াতেই বাস কৰে। ৱৰ্ল্ড’মিটাৰ ৱেবছাইটৰ ৰিপ’ৰ্ট অনুসৰি, ভাৰতত জনসংখ্যা ঘনত্ব ৪৬৪জন প্ৰতি বৰ্গ কিলোমিটাৰত। চাৰিওফালে এপাৰ্টমেণ্ট, ঘৰ, অট্টালিকা, জুপুৰী, কেঁচা ঘৰ, আদি দেখা পাব। কিন্তু বিশ্বত এনেকুৱা এটা স্থান আছে য’ত কেৱল মাত্ৰ এটাই ঘৰ আছে। দূৰ দূৰণিলৈ কোনো মানুহে বাস নকৰে। এয়া এটা দ্বীপ। এই দ্বীপটো আইচলেণ্ডত আছে। আমি যিটো ঘৰৰ কথা পাতি আছো, সেইচটো বিশ্বৰ সবাতোকৈ অকলশৰীয়া ঘৰ বুলি কোৱা হয়। (ফটো : Instagram/h0rdur)
দ্বীপটোত নিৰ্মাণ কৰা এই ঘৰটো আচলতে এটা হাণ্টিং লজ (Hunting lodge on island) যিটো এলিডে হাণ্টিং এছ’চিয়েচনে নিৰ্মাণ কৰিছিল। দ্বীপটোৰ স্থায়ী বাসিন্দা শূন্য অৰ্থাৎ কোনো লোক নাথাকে। অৱশ্যে আৰম্ভণিতে এনেকুৱা নাছিল, পূৰ্বে ইয়াত মানুহ আছিল। কোৱা হয় যে প্ৰায় ৩০০ বছৰলৈকে এই দ্বীপটোত ৫টা পৰিয়ালে বাস কৰিছিল। তেওঁলোকে ময়ূৰ, পফিন্স চিকাৰ কৰিছিল, ম’হ পালন কৰিছিল আৰু সমুদ্ৰত মৎস্য চিকাৰ কৰিছিল। (ফটো : Instagram/h0rdur)
১৯৫০ৰ আশেপাশে এছ’চিয়েচনে দ্বীপটোত এটা কেবিন নিৰ্মাণ কৰে য’ত মানুহে চিকাৰ কৰিবলৈ যোৱাৰ সময়ত থাকিব পাৰে। মুখ্য ভূমিৰ পৰা দ্বীপটোলৈ নাৱেৰে সহজতে যাব পৰা গৈছিল আৰু চিকাৰীৰ বাবে এটা জিপলাইন নিৰ্মাণ কৰা হৈছিল, যাৰ জৰিয়তে তেওঁলোকে কেবিনটোলৈ সহজে যাব পাৰে। ঘৰটোত বিজুলী–পানী একো ব্যৱস্থা নাই। (ফটো : Instagram/h0rdur)