শিশুসকলৰ উচ্চতাক লৈ বহু পিতৃ–মাতৃ দুঃশ্চিন্তাত থাকে। শিশুসকলৰ উচ্চতা বৃদ্ধি কৰিবলৈ হেল্থ ড্ৰিংকছ খুৱাই থাকে বহুতে। কিন্তু কিছুমান ঘৰুৱা খাদ্যও শিশুসকলৰ উচ্চতা বৃদ্ধিত সহায় কৰে। যেনে – গাখীৰ। শিশুসকলৰ জন্মৰ পিছৰে পৰা তেওঁলোকক গাখীৰ দিয়া হয়। গাখীৰৰ পৰা কেলচিয়াম, প্ৰটিন আৰু ভিটামিন পোৱা যায় যিয়ে হাড় মজবুত কৰাত সহায় কৰে আৰু শিশুৰ বৃদ্ধিত সহায় কৰে। কণীত আছে ভিটামিন বি ১২ আৰু প্ৰটিন আৰু খনিজ যিয়ে শিশুৰ উচ্চতা বৃদ্ধি কৰিব পাৰে। সেউজীয়া শাক–পাচলিত থাকে পুষ্টিৰ সমাহাৰ। প্ৰটিন, মিনাৰেলছ, পটাচিয়াম, আয়ৰন, কেলছিয়াম, ফাইবাৰ। দৈনিক শিশুসকলক খাদ্যৰ সৈতে পাচলি দিলে শিশুৰ বিকাশ পৰিপূৰ্ণ হোৱাত সহায় কৰে। কল এনেকুৱা এবিধ ফল, যিয়ে শিশুসকলৰ সঠিক পুষ্টি যোগান ধৰাত সহায় কৰে। ইয়াৰ বিভিন্ন উপাদান শিশুৰ বিকাশত সহায় কৰে। সেয়ে শিশুসকলক কল খুৱাব লাগে। (Disclaimer : এই প্ৰতিবেদন কেৱল মাত্ৰ সাধাৰণ তথ্যৰ বাবে, সেয়ে বিস্তাৰিতভাৱে জানিবলৈ সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।)