কোৰোণা ভাইৰাছতে শেষ হ’ল ২০২০ বৰ্ষটো। ল’ক ডাউনৰ সময়ছোৱাত কোৰোণাত আক্ৰান্ত হৈ বহু মানুহে প্ৰাণ হেৰুৱালে। বহুতৰ চাকৰি গ’ল। আশা কৰা হৈছিল, সকলো ঠিক হৈ যাব নতুন বছৰত। কিন্তু যিবোৰ খবৰ ওলাইছে, নতুন বছৰ বৰ সুখকৰ নহ’ব মধ্যবিত্ত শ্ৰেণীৰ বাবে। খবৰ অনুসৰি, নতুন বছৰৰ আৰম্ভণিতে বাঢ়িব বহু সামগ্ৰীৰ দাম। ল’কডাউনৰ পিছত মাৰ্কেট খোলাৰ পৰাই হৈছে মূল্যবৃদ্ধি। বাঢ়িব পাৰে এল ই ডি টিভিৰ দাম। খবৰ অনুসৰি, দাম বাঢ়িব পাৰে ফ্ৰীজ, ৱাচিং মেচিনৰ । জনা গৈছে, প্ৰায় ১০ শতাংশ বাঢ়িব পাৰে এইবোৰ সামগ্ৰীৰ দাম। এই সামগ্ৰীসমূহৰ দাম বঢ়াৰ কাৰণ হ’ল, বিশ্বৰ বজাৰত কপাৰ, এলুমিনিয়াম, ষ্টিলৰ দাম বৃদ্ধি। আনকি বজাৰত প্লাষ্টিকৰো দাম বাঢ়িছে। গতিকে বহুতৰ মনত শংকা আহিছে যে, আশা কৰাৰ দৰে সুখকৰ নহ’ব নেকি ২০২১ বৰ্ষটো!