সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে আপোনাৰ বাবে আছে সোণালী সুযোগ। সস্তাত সোণ কিনাৰ আজি শেষ দিন। চৰকাৰৰ ফালৰ পৰা জাৰি কৰা Sovereign Gold Bondৰ আজি শেষ দিন। ১ মাৰ্চৰ পৰা বিনিয়োগৰ বাবে এই বণ্ড জাৰি কৰিছিল চৰকাৰে। গ’ল্ড বণ্ডৰ বাবে চৰকাৰে এইবাৰ ইছ্যু প্ৰাইচ ৪৬৬২ টকা প্ৰতিগ্ৰাম অৰ্থাৎ ৪৬৬২০ টকা প্ৰতি ১০ গ্ৰাম ৰাখিছিল।
ষ্টেট বেংকৰ গ্ৰাহক হ’লে ইনভেষ্টমেণ্টত অধিক ৰেহাই পাব। ষ্টেট বেংকৰ ফালৰ পৰা অনলাইনত এই বণ্ড কিনাৰ বিকল্প আৰম্ভ কৰা হৈছে। টুইটত এছবিআইৰ ফালৰ পৰা জনোৱা হৈছে, ‘ৰিটাৰ্ণ আৰু সুৰক্ষা একেলগে লাভ কৰিব। এই বণ্ডত বিনিয়োগ কৰাৰ ৬টা কাৰণ আছে। এছবিআইৰ গ্ৰাহকে পোনপটীয়াকৈ এই সেৱাৰ মাধ্যমেৰে আইএনবিত বিনিয়োগ কৰিব পাৰিব।’