Earth Skyত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰতি ছেকেণ্ডত ২১ মাইল গতিত আহিবলৈ ধৰিছে গ্ৰহাণুটো। সেই হিচাপত ২১ মাৰ্চত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব। এই 2001 FO32 গ্ৰহাণুৰ ডায়ামিটাৰ হ'ব ১ কিলোমিটাৰ। ২১ মাৰ্চৰ নিশা ৯.৩০ বজাত দেখা যাব দৃশ্য। কিন্তু কাষলৈ আহিলেও পৃথিৱীৰ পৰা প্ৰায় ১.৩ মিলিয়ন মাইল দূৰত থাকিব।