

বিহু আৰু প্ৰকৃতিৰ মাজত আছে ওতঃপ্ৰোত সম্পৰ্ক। ঋতু পৰিৱৰ্তনৰ লগে লগেই কপৌফুলে আনে ব'হাগ বিহুৰ বতৰা। ৰঙালী বিহুৰ বতৰত যোৰহাটৰ এখন বাগিচাই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই বাগিচাখন হৈছে এখন কপৌফুলৰ বাগিচা।


ৰঙালী বিহুত নাচনীৰ খোপা শুৱনি কৰিবলৈ ব্যৱহাৰ কৰি অহা হলেও আন্তঃৰাষ্ট্ৰীয় বজাৰত কপৌফুলৰ দৰে অৰ্কিডৰ ভাল চাহিদা আছে। এপাহ কপৌফুল ৬-৭ দিনলৈকে ভালে থাকে।


এই কপৌফুলসমূহৰ ভিতৰত আছে বগা কপৌ ফুলো। অতিকৈ দূস্প্ৰাপ্য এই বগা কপৌফুল চাবলৈ বহু লোক আহে যোৰহাট তিতাবৰৰ ৰঙাজানৰ বাসিন্দা মিঠু গগৈৰ ঘৰলৈ।


মিঠু গগৈৰ এই বৃহৎ অৰ্কিডৰ বাগিচাখন চাবলৈ বহু লোক আহে। ইয়াৰ মাজত বহু ছাত্ৰ-ছাত্ৰী অহাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰই তেওঁৰ বাগিচাখনত অৰ্কিডৰ ওপৰত গৱেষণা কৰি আছে।


ইতিমধ্যে নিজৰ বাগিচাৰ কপৌফুলৰ কাটিং বিক্ৰী কৰি আহিছে তেওঁ। এনে এপাহ কপৌফুলৰ ভাল দাম লাভ কৰা যায়। বিজ্ঞানসন্মত ভাৱে কৰা কপৌফুলৰ খেতিৰ মাজত প্ৰচুৰ সম্ভাৱনা লুকাই থকাৰ কথা ব্যক্ত কৰে মিঠু গগৈয়ে।